Himanta Biswa Sarma Pressmeet :বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সমুহীয়া বিহুনৃত্যৰ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

WhatsApp Image 2023 02 28 at 14.51.54

Himanta Biswa Sarma Pressmeet :

বিহুনাচেৰে ৱল্ড ৰেকৰ্ড গঢ়াৰ সম্পৰ্কত মঙলবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,বহাগ বিহু দিনটোত অৰ্থাৎ ১৪ এপ্ৰিলত মহানগৰীৰ সৰুসজাইত ১১,১৪০ গৰাকী বিহুৱতীয়ে সমুহীয়াভাৱে প্ৰদৰ্শন কৰিব বিহুনাচ।

এই ঐতিহাসিক মুহূৰ্তটো প্ৰত্যক্ষ কৰিবৰ বাবে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। একেদৰে উপস্থিত থাকিব দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ লগতে জি২০ দেশ সমূহৰ লগতে দক্ষিণ – পূৰ্ব এছিয়া দেশ সমূহৰ ৰাষ্ট্ৰদূত সকল ৷
সংশ্লিষ্ট ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ কৰিবৰ বাবে অসমৰ আটাইকেইগৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হয় বুলি সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

আনহাতে সমুহীয়া বিহুনাচৰ বাবে বিভিন্ন জিলাৰ পৰা আহিব বিহুৱা-বিহুৱতী, ঢুলীয়া, পেঁপুৱা। ৭০ গৰাকী নাচনী, ৩০ জনকৈ ঢুলীয়াই অংশ ল’ব প্ৰতিবাৰত৷

যাৰবাবে জিলা সমূহত এক মাৰ্চৰ পৰা মাহজোৰাকৈ চলিব মাৰাথন প্ৰশিক্ষণ। ইতিমধ্যেই সোমবাৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে মাষ্টাৰ প্ৰশিক্ষণ

এই প্ৰশিক্ষণত বিশেষ কৃতিত্ব অৰ্জন কৰি পুৰস্কাৰ লাভ কৰা বিহুৱা-বিহুৱতীক দিয়া হ’ব বিশেষ অগ্ৰাধিকাৰ। একেদৰে এক মাৰ্চত প্ৰদৰ্শন হ’ব মাষ্টাৰ ট্ৰেইনাৰ সকলৰ বিহুনাচ।

প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে জিলা সমুহত দৈনিক পাব ৩০০ টকাকৈ । একেদৰে সাজ-পোছাকৰ বাবে লাভ কৰিব তিনি হাজাৰ টকাকৈ।

আনহাতে মহানগৰীত বিহুৱা-বিহুৱতীয়ে দৈনিক পাব পাব হাজাৰ টকাকৈ মাননি । প্ৰতিগৰাকী শিল্পীৰ নামত ব্যয় হ’ব ১০,৫০০ টকাকৈ। সকলো মাননি শিল্পীসকলৰ একাউণ্টত দিয়া হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আগন্তুক ৰঙালী বিহু প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ পৰা ৰাজ্যত হস্ততাঁতত উৎপাদিত হোৱা গামোচা, মেখেলা চাদৰ বিক্ৰী  বস্ত্ৰ বিপনী সমূহত হ’ব লাগিব বুলি উল্লেখ কৰে  ৷

পাৱাৰলুমত প্ৰস্তুত কৰা কাপোৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত তীব্ৰ অভিযান চলোৱা বাবে উপায়ুন্ত সকলক নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ডকাইত জনৰ পৰিচয় সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, আৰক্ষীক গুলিওৱাৰ বাবেহে আৰক্ষীয়ে গুলিয়ালে। কেনাৰাম বা ডিম্বেশ্বৰ বুলি চাই নহয়। ওদালগুৰি এনকাউণ্টাৰ সন্দৰ্ভত ইতিমধ্যে চি আই ডিক তদন্ত কৰিবলৈ দিয়া হৈছে ৷

Exit mobile version