Five Bookie Arrested In Nagaon:নগাঁৱত পাঁচ তীৰৰ বুকীক গ্ৰেপ্তাৰ:৫৮,৪৩০টকা জব্দ

WhatsApp Image 2023 03 01 at 18.46.56

Five Bookie Arrested In Nagaon :

নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে আজি বিয়লি প্ৰায় ২.৩০ বজাত এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও চহৰত তীৰ খেলৰ বিৰুদ্ধে এক অভিযান চলায়।

ADVERTISEMENT

এই অভিযানত আৰক্ষীয়ে নগাঁও চহৰ বিভিন্ন অঞ্চলৰ পৰা পাঁচ গৰাকী তীৰ বুকী আৰু খেলুৱৈক কৰায়ত্ত কৰাৰ লগতে কিছুমান তীৰ খেলৰ কিতাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তীৰ খেলৰ বুকীৰ পৰা নগদ ৫৮,৪৩০ টকা আৰু চাৰিটা মোবাইল হেণ্ডছেট জব্দ কৰে। আটকাধীন লোক কেইজন হ’ল-ইটাচালীৰ ছাইফুল ইমান হাজৰিকা(৫৯), আৰ কে ৰোড হৰিজন কলানীৰ অজিত ৰজক (৩৫),পানীগাঁৱৰ গৌৰাঙ্গ দাস(৬৫),ফৌজদাৰী পটীৰ নুৰুল হক (৬৫), আৰু আৰ কে ৰোডৰ ৰঞ্জিত ৰজক(৫৮) বুলি আৰক্ষী সূত্ৰই জনাইছে ।

Exit mobile version