Raha Toll Plaza Incident : নগাঁৱৰ ৰহা টোলগেটত নিশা কৰ্মচাৰীৰ অতপালি

যাত্ৰীক উপযুপৰি প্ৰহাৰ টোলগেট কৰ্মচাৰী, তিনিজন চিকিৎসাধীন

4e901515 44a2 4799 99bf 16053154581e

Raha Toll Plaza Incident :

ৰহা টোল গেটত প্ৰায়ে টোল কৰ বিচৰাৰ নামত বাহন চালকৰ স’তে কাজিয়া পেছাল লগাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হয় ৷ মঙলবাৰে নিশা ৰহা টোল গেটৰ কৰ্মচাৰীৰ অভদ্ৰামীয়ে চৰম সীমা অতিক্ৰম কৰে ৷ নামি পৰে গুণ্ডামিত ৷ টোল গেটৰ কৰ্মচাৰীয়ে দৌৰাই দৌৰাই প্ৰহাৰ কৰে তিনিজনকৈ লোকক ৷

টোল টেক্স আদায় দিয়াৰ বিনিময়ত বাহন চালকে ২৫০ টকাৰ ৰছিদ বিছৰাৰ বাবেই তিনিজনককৈ লোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰে টোল গেটত নিয়োজিত কৰ্মচাৰীয়ে ৷

কৰ্মচাৰীৰ দলবদ্ধ আক্ৰমণত তেজেৰে তুমৰলি হৈ পৰে তিনিজনকৈ লোক৷ আনকি প্ৰহাৰৰ পৰা হাত সাৰিবলৈ গাড়ী এৰি পলায়ন কৰে আহত তিনিও জন ব্যক্তি ৷

ইতিমধ্যে তিনিও চিকিৎসাধীন হৈ আছে ৷ ৰহা টোল গেটৰ কৰ্মচাৰীৰ আক্ৰমণত আহত হোৱা লোক কেইজন হ’ল হোজাইৰ নীলবাগানৰ ৰায়হান আহমেদ,মৌলানা ফাৰুক আহমেদ আৰু মোস্তাফা আহমেদ৷

তিনিও গুৱাহাটীৰ পৰা নতুন গাড়ী ক্ৰয় কৰি নীলবাগান অভিমুখে গৈ থকা অৱস্থাতে ৰহা টোল প্লাজাত সংঘটিত হয় অবাঞ্চিত ঘটনা ৷

এতিয়া প্ৰশ্ন হয়, নিশা বাহন চালকক কৰ আদায়ৰ নামত গুণ্ডামিত নামি পৰা টোল গেটৰ কৰ্মচাৰীৰ ওপৰত প্ৰশাসনে কিবা ব্যৱস্থা ল’বনে ৷

ইফালে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে নগাঁও আৰক্ষীক বিষয়টোৰ ওপৰত আইনী ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।

Exit mobile version