Power Loom : ধেমাজিত পাৱাৰ লোমৰ উৎপাদিত গামোচা-মেখেলা চীট জব্দ

থলোৱা বোৱনী উৎপাদনক অগ্ৰাধিকাৰৰ আহ্বান

WhatsApp Image 2023 03 01 at 21.40.59

Power Loom :

ৰাজ্যৰ লগতে ধেমাজি প্ৰশাসনৰ উদ্যোগত বুধবাৰে বহি:ৰাজ্যৰ বিদ্যুৎ চালিত তাঁতশালত (Power Loom) উৎপাদিত গামোচা-মেখেলা চাদৰ জব্দ কৰা হয়।

বুধবাৰে আবেলি ধেমাজি ৰাজহ চক্ৰ বিষয়া আৰু হস্ত তাঁত ও বস্ত্ৰ শিল্প বিভাগৰ ধেমাজি অধীক্ষক কাৰ্যালয়ৰ যুটীয়া উদ্যোগত ১০ খনৰো অধিক বস্ত্ৰ বিপনীত পাৱাৰ লোম উৎপাদিত বিভিন্ন বস্ত্ৰ সামগ্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

ইয়াৰে ধেমাজি পৰিবাৰ নামৰ বিপনীত ২৪২ খন গামোচা আৰু ছখন মেখেলা ছীট জব্দ কৰে। এই সমূহ অধিক পৰীক্ষাৰ বাবে বিভাগে কাৰ্যালয়ত ৰখা বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য, ইতিমধ্যে Handloom ( Reservation of Articles for Production) ধাৰা ১৯৮৫ ৰ মতে বহি:ৰাজ্যৰ বিদ্যুৎ চালিত তাঁতশালত (Power Loom) উৎপাদন কৰা গামোচা, দখনা, মেখেলা-চাদৰ, ফনেক আদিৰ বিক্ৰী অসমত নিষিদ্ধকৰণৰ জাননী জাৰী কৰে।

ইয়াৰ পৰিৱৰ্তে থলোৱা বোৱনীৰ দ্বাৰা উৎপাদিত হাতে বোৱা গামোচা,দখনা, আদি বোৱনী সকলক উৎসাহিত কৰিবলৈ হস্ত তাঁত ও বস্ত্ৰ শিল্প বিভাগৰ ধেমাজি অধীক্ষক কাৰ্যালয়ে আহ্বান জনাই আহিছে।

Exit mobile version