Three State Assembly Election Mandate 2023:তিনিও খন ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে !

WhatsApp Image 2023 03 02 at 13.05.33

Three State Assembly Election Mandate 2023:

উত্তৰ-পূৰ্বাঞ্চলৰ ৩ ৰাজ্য ক্ৰমে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে পুৱা ভাগৰ পৰা ৷ এই পৰ্যন্ত তিনি ৰাজ্যত ভোট গণনাত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷

তিনিখন ৰাজ্যৰ ১৭৮ খন আসনত ১৬ আৰু ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে বিজেপি মিত্ৰজোঁট ৷ ৬০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত এই পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি শাসনাধিষ্ঠ বিজেপি মিত্ৰগোষ্ঠীয়ে ৩২ খনত,তিপ্ৰামথাই ৯ খনত,চিপিআই এমে ১৩ খনত,কংগ্ৰেছে ৫ খনত আৰু অন্যান্যই ১ খনত আগবাঢ়ি আছে ৷

চৰকাৰ গঠনৰ দিশত মেজিক নম্বৰ ক্ৰছ কৰিছে যদিও এখন স্থিৰ চৰকাৰ গঠনৰ বাবে তিপ্ৰামথাইক চৰকাৰত অংশীদাৰ কৰিবৰ বাবে ইতিমধ্যে ভোট গণনা চলি থকাৰ মাজতে টিপৰা মাথাৰ নেতৃত্বৰ লগত বিজেপি শীৰ্ষ নেতাই আৰম্ভ কৰিছে প্ৰাৰম্ভিক আলোচনা ৷

উল্লেখ্য যে, ত্ৰিপুৰাত এইবাৰ ৬০ খন আসনৰ ভিতৰত ৫৪ খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। আনহাতে দলটোৱে মিত্ৰদল আই পি এফ টিক ৬ খন আসন এৰি দিছিল।

আনহাতে পাৰ্বত্য ৰাজ্য নাগালেণ্ড পুনৰ এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে ৷ এই পৰ্যন্ত ভোট গণনাত এন ডি পি পিয়ে ২৬,বিজেপি ১৩,এন চি পি ৩,এন পি পি ৫ আৰু অন্যান্য ১৩ খল আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ শূন্য হৈ আছে ৷

পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হয় ৰাজ্য খনত। নাগালেণ্ড বিধানসভাৰ মুঠ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত ৫৯ টা সমষ্টিৰ ভোটগণনা হয়। ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) এটা সমষ্টি (অকুলুট) বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে বাবে এখন আসনৰ ভোটদান অনুষ্ঠিত হোৱা নাছিল। ৩১ নং অকুলুটু সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী কহেতো কিমিনি জয়ী হৈছিল ৷

চুবুৰীয়া মেঘালয়ত পুনৰ শাসনাধিষ্ঠ এন পিপিৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱা সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ সদ্য সমাপ্ত নিৰ্বাচনত যদিও এন পি পি আৰু বিজেপিয়ে সুকীয়া সুকীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল যদিও নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গুৱাহাটীলৈ আহি গুৱাহাটীৰ এখন বিলাসী হোটেলত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰে

মেঘালয়ত দুয়োটা দলে পুনৰ মিলিত হৈ চৰকাৰ গঠনৰ ইংগিত দিয়ে ৷ আজি পুৱাৰে আঠ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনাত পুনৰ এন পি পি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠৰ দিশে অগ্ৰগতি লাভ কৰিছে ৷

এই পৰ্যন্ত অব্যাহত থকা ভোট গণনাত এন পি পিয়ে ২৬,বিজেপি ৫,টি এম চি ৫,ইউ ডি পি ৮ ,কংগ্ৰেছ ৫ আৰু অন্যান্য ১০ খনত অগ্ৰগতি লাভ কৰিছে ৷

Exit mobile version