Three Toll Plaza Employees Detained by Nagaon Police : ৰহা টোল প্লাজাত যাত্ৰীক আক্ৰমণ সন্দৰ্ভত কঠোৰ স্থিতি ডিজিপিৰ

তিনি টোল প্লাজাৰ কৰ্মচাৰীক আটক নগাঁও আৰক্ষীৰ

WhatsApp Image 2023 03 01 at 20.15.05

Three Toll Plaza Employees Detained by Nagaon Police :

নগাঁৱৰ ৰহা টোল গেটত যোৱা নিশা ডবকাৰ তিনি যাত্ৰীক আক্ৰমন কৰা ঘটনাৰ স’তে তিনিজন টোল প্লাজাৰ কৰ্মচাৰীক আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত আজি দুপৰীয়া ভাগত নগাঁও আৰক্ষীয়ে আটক কৰে ৷

আটকাধীন লোক কেইজন হ’ল বিপুল বৰদলৈ , শংকৰ কুমাৰ আৰু জয়ন্ত গগৈ ৷

উল্লেখ্য যে,মঙলবাৰে নিশাভাগত ডবকাৰ তিনিজনলোকে গুৱাহাটীৰ পৰা নিজৰ বাহনৰে ডবকা অভিমুখে গৈ থকা পথত ৰহা টোল গেইটত টোল কৰ সংগ্ৰহক লৈ টোল গেইটৰ কৰ্মচাৰীৰ স’তে তৰ্কবিৰ্তক হয় ৷

ইয়াৰ মাজতে তিনি টোল কৰ্মচাৰীয়ে তেওঁলোকক দলবদ্ধ আক্ৰমণ কৰে ৷ দলবদ্ধ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় নীলবাগানৰ মোস্তাফা আহমেদ, ৰায়হান উদ্দিন আৰু ফাৰুক আহমেদ ৷

টোল কৰ্মচাৰীৰ আক্ৰমণৰ সময়ত গাড়ী খনত থকা তিনি কণমানি শিশুৱে কান্দি থকাৰ পাছতো আক্ৰমণকাৰী দলটো ক্ষান্ত হোৱা নাছিল ৷ আনকি প্ৰাণৰ মমতাত গাড়ী এৰি দৌৰি পলায়ন কৰাৰ পিছতো আক্ৰমণ কৰিছিল টোলৰ কৰ্মচাৰী কেইজনে ৷

পাছত পৰিস্থিতি কিছু শান্ত হোৱাত আহত লোক কেইজনে গাড়ীত থকা নিজৰ কণমানি কেইটাৰ ওচৰলৈ অহাৰ পাছতো পুনৰ প্ৰহাৰ কৰে তেওঁলোকক ৷ তেজৰে তুমুৰলি হৈ পৰা তিনি ব্যক্তি নিশাই চিকিৎসাধীন হয় স্থানীয় ব্যক্তিগত চিকিৎসালয়ত ৷

স্মতৰ্ৱ্য যে,দুৰ্ভগীয়া পৰিয়ালটি গুৱাহাটীত গাড়ী ক্ৰয় কৰি গৃহাভিমুখী হোৱাৰ পথত নিশা এঘাৰ বজাত সংঘটিত হয় এই ঘটনা ৷ আনহাতে পৰিয়ালটিক টোল গেটত আক্ৰমণ কৰা ঘটনাৰ বিষয়ে চ’ছিয়েল মেডিয়াত ভাইৰেল হোৱাত অসম আৰক্ষীৰ ডিজি পি জি পি সিঙে নগাঁও আৰক্ষীক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে ৷

ডিজিপিৰ নিৰ্দেশ পোৱাৰ পাছতে নগাঁওৰ এছ পি লীনা দলেয়ে সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ দায়িত্ব দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক দায়িত্ব অৰ্পন কৰে ৷

ক্ষীপ্ৰতাৰে তদন্ত কৰি আজি দুপৰীয়া ভাগত এ এছ পি কলিতাই ভিডিঅ’ফুটেজৰ ভিত্তিত ৰহা টোল গেটৰ তিনি কৰ্মচাৰী বিপুল বৰদলৈ , শংকৰ কুমাৰ আৰু জয়ন্ত গগৈক গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version