Jawaharlal Nehru University : ধৰ্ণা দিলে ২০ হেজাৰ টকাৰ জৰিমনা, জেএনইউত নতুন নিয়ম

download 2 2

Jawaharlal Nehru University :

বিশ্ববিদ্যালয়ৰ চৌহদত ধর্ণা দিলে বা আন্দোলনৰ কৰিলে গ্ৰহণ কৰা হ’ব কঠোৰ পদক্ষেপ। এনে নতুন আচৰণবিধি বলৱৎ কৰিলে দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ৰ কৰ্তৃপক্ষই।

ইয়াকে লৈ সৃষ্টি হ’ল এক নতুন বিতৰ্কৰ। বিশ্ববিদ্যালয় চৌহদত ছাত্র আন্দোলন নিষিদ্ধ কৰিবলৈ জেএনইউ কর্তৃপক্ষই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

এক নিৰ্দেশনাত জেএনইউ কর্তৃপক্ষই উল্লেখ কৰা অনুসৰি, বিশ্ববিদ্যালয় চৌহদত ধর্ণা দিলে প্রতিজন অভিযুক্ত শিক্ষার্থীক ৫০ হেজাৰ টকাকৈ জৰিমনা বিহা হ’ব।

কোনো শিক্ষার্থীয়ে যদি বিশ্ববিদ্যালয় চৌহদত আন্দোলন আৰু হিংসাত্মক ঘটনা সংঘটিত কৰে, তেন্তে অভিযুক্তক বৰ্খাস্ত কৰা হ’ব পাৰে। লগতে ৩০ হেজাৰ টকাৰ জৰিমনাও বিহা হ’ব।

শিক্ষার্থী হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ প্রমাণিত হ’লে তেওঁৰ যাৱতীয় শৈক্ষিক প্রমাণপত্র বাতিল কৰিব পাৰে জেএনইউয়ে। ১০ পৃষ্ঠাৰ এই নতুন নিয়মাৱলী যোৱা তিনি ফেব্ৰুৱাৰীৰ পৰা বলৱৎ কৰা হ’ল জেএনইউত।

নতুন নিৰ্দেশনাত চৌহদৰ ভিতৰত ১৭টা বিষয়ক অপৰাধ কৰ্ম হিচাপে চিনাক্ত কৰা হৈছে। ইয়াৰ মাজত আছে চৌহদত জনসমাৱেশ, বলপূর্বক হোষ্টেল দখলত ৰখা, অশালীন ভাষা প্ৰয়োগ বা লিখাৰ দৰে অভিযোগ।

উল্লেখ্য যে জেএনইউত সময়ে সময়ে আন্দোলনৰ লগতে হিংসাত্মক তথা অন্যান্য অপ্রীতিকৰ ঘটনা সংঘটিত হৈ আহিছে।

Exit mobile version