Bengaluru : বাংগালুৰুত স্থাপিত হ’ব আইফোনৰ কাৰ্খানা, এক লাখ লোকক দিব কর্মসংস্থাপন

apple

Bengaluru :

এপল ইনক’পৰেছনৰ সহযোগী ফ’ক্সকন টেকন’লজি গ্রুপে ভাৰতত এটা নতুন উৎপাদন কাৰখানা স্থাপনত ৭০০ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫.৭ হেজাৰ কোটি টকা বিনিয়োগ, কৰিব।

ব্লুমবর্গে এই কথা সদৰী কৰি জনোৱা অনুসৰি, আমেৰিকা আৰু চীনৰ মাজত সংঘাত বৃদ্ধিৰ পৰিণতিত চীনত থকা মার্কিন কোম্পানীসমূহে কাৰ্যালয় আৰু কাৰখানা ভাৰতলৈ স্থানান্তৰিত কৰিছে।

ফক্স’কনে বাংগালুৰুত বিমানকোঠৰ সমীপত ৩০০ একৰ ভূমিত কাৰখানা স্থাপন কৰিব আৰু এই কাৰখানাত এপলৰ আইফোনৰ বিভিন্ন যন্ত্রাংশ উৎপাদনৰ লগতে ম’বাইল হেণ্ডছেটো তৈয়াৰ কৰা হ’ব।

বাংগালুৰুত এপলৰ এই কাৰখানা স্থাপন হ’লে কমেও এক লাখ চাকৰি সৃষ্টিৰ সম্ভাৱনা আছে। উল্লেখ্য যে চীনত থকা আইফোনৰ বৃহৎ কাৰখানাত এসময়ত দুই লক্ষাধিক কৰ্মচাৰীয়ে কাম কৰিছিল।

এপেলে ২০১৭ত আইফোন এছইৰ জৰিয়তে ভাৰতত আইফোনৰ উৎপাদন আৰম্ভ কৰিছিল।

Exit mobile version