Chaboti Gaon Panchayat Area Damage Road : চাবতি পঞ্চায়তৰ অন্তৰ্গত তিনি নম্বৰ ৱাৰ্ডৰ বৰবিল পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে পথচাৰীক

WhatsApp Image 2023 03 05 at 19.34.14

Chaboti Gaon Panchayat Area Damage Road :

লখিমপুৰ পঞ্চায়তৰ অন্তৰ্গত তিনি নম্বৰ ৱাৰ্ডৰ বৰবিল পথৰ দুৰৱস্থাই স্থানীয় ৰাইজৰ লগতে জীয়াতু ভোগাইছে পথাচাৰীক।

মিচিং, নেপালী, মুছলমান বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি বৃহত্তৰ অঞ্চলটোৰ  আজিৰ পৰা ২০ বছৰ পূৰ্বে সামান্য মেৰামতিৰে  নিৰ্মাণ কৰা পথছোৱা সম্প্ৰতি ভগ্ন প্ৰায় অৱস্থাত পৰিণত হৈছে।

বাৰিষা বোকা পানী অন্যহাতে খৰালি ধূলি- বালিৰে পথছোৱাৰ যাতায়তৰ একেবাৰে অনুপযোগী হৈ পৰিছে। এই ক্ষেত্ৰত ৱাৰ্ড মেম্বাৰে চাবতি পঞ্চায়তৰ সভাপতি-সম্পাদকক বহুবাৰ অনুনয় বিনয়, আবেদন নিবেদন কৰিছে যদিও এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই চকুমুদা কুলিৰ ভাও ধৰিছে ।

পথছোৱাৰ যাতায়তৰ দুৰ্ভোগ জীৱনত অতিষ্ঠ হৈ স্থানীয় ৰাইজ। এই সন্দৰ্ভত স্থানীয় ৰাইজে উল্লেখ কৰে, চাবতি পঞ্চায়তৰ অন্তৰ্গত তিনি নম্বৰ ৱাৰ্ডৰ বৰবিল পথছোৱা সন্দৰ্ভত চাবতি পঞ্চায়তৰ সভাপতি-সম্পাদকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা।

এই সন্দৰ্ভত বহুবাৰ আবেদন জনোৱাৰ পিছতো পঞ্চায়তৰ পুঁজি পৰ্যাপ্ত নহয় বুলি দায়সৰা মন্তব্য আগবঢ়ায়। উক্ত পথছোৱা পকীকৰণ সন্দৰ্ভত স্থানীয় বিধায়ক মানৱ ডেকাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অসাৰত পৰিণত হ’ল।

স্থানীয় ৰাইজে সদৰী কৰা অনুসৰি নিৰ্বাচনৰ সময়ত সাংসদ প্ৰদান বৰুৱাই অঞ্চলটোৰ উন্নয়নৰ হকে শীঘ্ৰে পদক্ষেপ  লোৱা হ’ব বুলি দিয়া আশ্বাস ফুটুকাৰ ফেনত পৰিণত হৈছে ।

পথছোৱাৰ ঠায়ে দ-গাঁতৰ সৃষ্টি হোৱাৰ বাবে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী তথা পথচাৰীয়ে আহোঁত যাঁওতে বছৰ বছৰ ধৰি জীয়াতু ৰোগী আহিছে ।

Exit mobile version