Elephant Attack In Jagiroad :জাগীৰোডত হাতীৰ আক্ৰমণত থিতাতে নিহত এজন

WhatsApp Image 2023 03 05 at 16.46.01

Elephant Attack In Jagiroad :

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত ৷ বনাঞ্চল আৰু পাহাৰ ধংসৰ পৰিণতিত
সংকোচিত হৈ আহিছে বনভূমি ৷

আনকি মানুহৰ হাতোৰাৰ পৰা সাৰি যাব পৰা নাই এলিফেণ্ট কৰিডৰ ৷ ফলত খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা নামি অহা বন্যহস্তিৰ তাণ্ডৱত ত্ৰাহিমধুসূদন সুৱৰিছে ভৈয়ামৰ বাসিন্দা ৷

এইবাৰ জাগীৰোডত হাতীৰ আক্ৰমণৰ বলী হ’ল এজন লোক ব্যক্তি ৷ জাগীৰোডৰ দহালী মকৰীয়াত বন্যহস্তীৰ আক্ৰমণত নিহত হয় অদীপ কোঁৱৰ(৫০) নামৰ ব্যক্তিজন ।

প্ৰাপ্ত তথ্য মতে খাদ্যৰ সন্ধানত জাগীৰোডৰ সোণাইকুছি সংৰক্ষিত বনাঞ্চলৰ পৰা শনিবাৰে নিশা নামি অহা বন্যহস্তীয়ে ঘৰৰ পদূলিতে ৰৈ থকা অৱস্থাতে অদীপ কোঁৱৰ নামৰ লোকজনক আক্ৰমণ কৰে ৷ ফলত ঘটনাস্থলীতে মৃত্যু হয় দুৰ্ভগীয়া লোকজনৰ

৷ পাছত ঘটনাস্থলীত নেলী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে,নিশা হ’লেই জাগীৰোডৰ পাশ্বৱৰ্তী পাহাৰীয়া অঞ্চল সমূহত বন্যহস্তিৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পাই আহিছে যদিও বন্যহস্তিক উভতাই পঠোৱাৰ ক্ষেত্ৰত বন বিভাগে কোনো সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ উদ্থাপিত হৈছে ৷

Exit mobile version