Indo-pak Border :পাক সীমান্তত ভাৰতীয় সেনাৰ অন্যতম সহায় সাৰথি হৈ পৰিছে এজাক ভতুৱা কুকুৰ

সন্ত্ৰাসবাদীৰ আক্ৰমণ, বৰফৰ গোপন ফাট সম্পৰ্কে আগতিয়াকৈ কৰে সতৰ্ক

WhatsApp Image 2023 03 05 at 18.57.45

Indo-pak Border :

লাহে লাহে সতর্ক খোজেৰে পাহাৰীয়া পথেৰে আগবাঢ়ি যায় সিহঁত। সতর্ক দৃষ্টি ৰাখে পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখাৰ দিশে। পাক অধিকৃত কাশ্মীৰ সংলগ্ন জংঘলেৰে আবৰা অঞ্চলটো। তাতেই মাটি শুভি শুঙি সিহঁতে মাজে-মধ্যে আগন্তুক বিপদৰ ইংগিত বুজি ল’ব খোজে।

সিহঁত লগত থকাৰ বাবে অনেক নিশ্চিন্ত মনে সীমান্তত টহল দিব পাৰে ভাৰতীয় সেনাৰ টহলদাৰী জোৱানসকলেও । সিহঁত অৱশ্যে প্রশিক্ষিত জার্মান শেফার্ড বা বেলজিয়ান মেলিনয় নহয়, বৰঞ্চ সিহঁত ৰাস্তাতে জন্ম হৈ ৰাস্তাতে শেষ নিশ্বাস ত্যাগ কৰা কিছুমান ভতুৱা কুকুৰ।

এলঅ’চিৰ বিভিন্ন অংশত ক্রমশঃ এই স্থানীয় ৰাস্তাৰ কুকুৰেই এতিয়া ভাৰতীয় জোৱানসকলৰ ভৰসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শীতৰ গুলমার্গ অঞ্চলৰ ১০ ডিগ্রী চেলছিয়াছৰ তলৰ তাপমাত্ৰাত, বৰফেৰে আবৰা পাহাৰীয়া পথতো এই কুকুৰবোৰ ভাৰতীয় সেনাৰ নিত্যসংগী।

সেনা জোৱানসকলেও আগ্ৰহেৰে এই পাহাৰীয়া কুকুৰৰ জাকটোক নিজৰ ‘দল’ত অন্তর্ভুক্ত কৰিছে। তেওঁলোকে নিজৰ ভাগৰ খাদ্যকে এই কুকুৰৰ জাকটোকো খুৱায়। এলাচিত নিয়োজিত ১৯ নম্বৰ পদাতিক ডিভিজনৰ এজন জোৱানে কয়, বহু সময়তে এই ৰাস্তাৰ কুকুৰবোৰে বিপদৰ পৰা হাত সৰাৰ ক্ষেত্ৰত আগতীয়াকৈ প্রাথমিক সতর্ককাৰীৰ কাম কৰে।

স্থানীয় কুকুৰ হোৱাৰ বাবে বিশেষভাৱে যত্ন লোৱাৰো প্ৰয়োজন নহয়। আমাৰ লগতে ভাগ কৰি সাধাৰণ খাদ্যও ইহঁতে খাব পাৰে।’ তেওঁ লগতে জনায় যে কেৱল শত্ৰুৰ আক্রমণেই নহয়, শীতকালত বৰফে ঢাকি ৰখা দুর্গম পাহাৰীয়া পথত থকা গোপন ফাটৰ পৰাও এই কুকুৰৰ জাকে সেনা বাহিনীক সতর্ক কৰি দিয়াৰ কাম কৰে।

১৯ নম্বৰ পদাতিক ডিভিজনৰ কমাণ্ডাৰ মেজৰ জেনেৰেল অজয় চান্দপুৰিয়াই কয়, “কোৱা হয় যে কুকুৰেই মানুহৰ পৰম বন্ধু। কথাটো যে কিমান ডাঙৰ সত্য, শীতৰ নিয়ন্ত্ৰণৰেখাতে সেয়া বুজা যায়।

Exit mobile version