Heroin Seized In Jakhalabandha :কলিয়াবৰত ২৫ কোটি টকাৰ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

WhatsApp Image 2023 03 06 at 11.22.39

Heroin Seized In Jakhalabandha :

কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ২৫ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ।

আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযানত জব্দ কৰা হয় এখন হুণ্ডা চিটি বাহন ৷ জব্দকৃত বাহনহখনৰ নম্বৰ হ’ল ডব্লিউ বি ০২ এ এ ৭২১১ ৷ বাহন খনৰ পৰাই উদ্ধাৰ কৰা হয় হিৰ’ইন সমূহ ৷

উল্লেখ্য যে,ড্ৰাগছ সৰবৰাহকাৰীয়ে ১৮ কিলোগ্ৰাম ওজনৰ হিৰ’ইনখিনি হুণ্ডা চিটি বাহনখনত বাহনখনৰ দুৱাৰৰ তলৰ অংশত সংগোপনে ৩৬ টা পেকেটত ১৮ লুকুৱাই কঢ়িয়াই আনিছিল ডিমাপুৰৰ পৰা ৷

বৃহৎ পৰিমাণৰ নিষিদ্ধ হিৰ’ইন খিনি সৰবৰাহৰ গোপন খবৰ পাই নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত এটা দলে জখলাবন্ধাত অভিযানত চলাই ডব্লিউ বি ০২ এ এ ৭২১১ নম্বৰৰ হুণ্ডা চিটি বাহনখনত তালাচী চলাই উদ্ধাৰ কৰে ৷

আনহাতে হিৰ’ইন সৰবৰাহৰ স’তে জড়িত থকাৰ অভিযোগত এজন ড্ৰাগছ পেডলাৰক আটক কৰিবলৈ সক্ষম হয় ৷
ইতিমধ্যে ধৃত পেডলাৰটোক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version