Suicide Bombing In Pakistan : পাকিস্তানত আৰক্ষীৰ ওপৰত আক্ৰমণ , আত্মঘাতী বিস্ফোৰণত মৃত্যু ন’জন আৰক্ষীকৰ্মী , আহত বহু

1678090756 pakistan blast

Suicide Bombing In Pakistan :

পাকিস্তানত সংঘটিত আত্মঘাতি বোমা বিস্ফোৰণ। কমেও নজন আৰক্ষী নিহত হোৱাৰ লগতে কমেও ১০ জন লোক আহত । সোমবাৰে পুৱা দক্ষিণ-পশ্চিম পাকিস্তানৰ কোৱেটাৰ সমীপত এখন  আৰক্ষীৰ ট্ৰাকত সংঘটিত হয় এই আক্ৰমণ।

তীব্ৰ বিস্ফোৰণত ঘটনাস্থলীতে মৃত্যু হয় ট্ৰাকখনৰ ভিতৰত থকা আৰক্ষী কৰ্মীসকল । ডিচেম্বৰৰ পৰা পাকিস্তানত আৰক্ষীৰ ওপৰত এইটো চতুৰ্থ আক্ৰমণ।

প্ৰত্যক্ষদৰ্শীৰ জনাইছে, সোমবাৰে মটৰচাইকেল চলোৱা এজন লোকে হঠাৎ আৰক্ষীৰ ট্ৰাকত খুন্দা মাৰে । তাৰ পাছত, প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল অঞ্চল ।

আৰক্ষীৰ ট্ৰাকখনত ভিতৰত সেই সময়ত কেবাজনো আৰক্ষী ভিতৰত থকাৰ লগতে বাহিৰতো বহু লোক আছিল। বিস্ফোৰণটোত তেওঁলোকৰ বহুতো গুৰুতৰভাৱে আহত হয়।

আজি সংঘটিত এই ঘটনা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী চহৰ কোৱেটাৰ পৰা ১৬০ কিলোমিটাৰ পূবত চিব্বি নামৰ এখন চহৰত সংঘটিত হয়।

স্থানীয় চিকিৎসালয় কৰ্তৃপক্ষই জনাই যে আহত ১০ জনৰ ভিতৰত কেবাজনো গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁলোক বৰ্তমান চিকিৎসাধীন ।

আজিৰ আবেলিলৈকে কোনো সন্ত্ৰাসবাদী গোটে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Exit mobile version