Five Youth Arrested :-পাকিস্তানক গোপন তথ্য দিয়া ৰাজ্যৰ পাঁচ যুৱকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

নগাঁও আৰু মৰিগাঁওৰ পৰা আটক,পাকিস্তানৰ চোৰাংচোৱাক যোগান দিছিল ছিম কাৰ্ড

WhatsApp Image 2023 03 08 at 12.22.15

Five Youth Arrested:

চিৰবৈৰী পাকিস্তানৰ সৈতে গোপনে সম্পৰ্ক ৰক্ষা কৰি দেশৰ গোপন তথ্য পাক চোৰাংচোৱাক দিয়াৰ অভিযোগত ৰাজ্যৰ পাঁচ যুৱকক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী।

কেন্দ্ৰীয় অনুসন্ধকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে নগাঁও আৰু মৰিগাঁৱত অভিযান চলাই ১৩৬ ছিম কাৰ্ড সহ ১৮ টা ম’বাইল ফোন জব্দ কৰে ৷

দীৰ্ঘদিনৰ পৰা পাকিস্তানী চোৰাংচোৱা সন্থাৰ স’তে সম্পৰ্ক ৰক্ষা কৰিছিল আটকাধীন যুৱক কেইজনে ৷ অসম আৰক্ষীয়ে মৰিগাঁও আৰু নগাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰা যুৱক কেইজন হৈছে মিজানুৰ আৰু বাহাৰুল ইছলাম ৱাহিদুজ জামান,আছিকুল ইছলাম,বদৰুদ্দিন ৷

ধৃত যুৱক কেইজনৰ পৰা জব্দ কৰা হয় চি পি উ, স্কেনাৰ আদিকে ধৰি বহু আপত্তিজনক নথি-পত্ৰ ৷ ইতিমধ্যে ধৃত যুৱক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু দহজন লোক শীৰ্ঘেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয় ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

উল্লেখ্য যে , মধ্য অসমৰ নগাঁও আৰু মৰিগাঁওত এটা দেশ বিৰোধী চক্ৰই পাকিস্তানী এজেণ্টক ছিম কাৰ্ড যোগান ধৰাৰ লগতে দেশৰ বহু গোপন তথ্য যোগান দি আহিছিল ৷

Exit mobile version