Pheasant Island:বিশ্বৰ এটা দ্বীপ,ছমাহৰ অন্তৰে অন্তৰে শাসন চলে দুখন দেশৰ !

ক'ত আছে এই দ্বীপটো

WhatsApp Image 2023 03 08 at 18.38.11 1

Pheasant Island:

বিশ্বৰ অধিকাংশ দেশে তেওঁলোকৰ সীমাক লৈ প্ৰায়ে যুঁজবাগৰ কৰি আহিছে ৷ শেহতীয়াকৈ ৰাছিয়া -ইউক্ৰেইন হওঁক বা ভাৰত-চীন হওঁক, সকলো ঠাইতে সীমা বিবাদ শীৰ্ষত আছে।

এতিয়াও পাকিস্তান আৰু আফগানিস্তানৰ মাজত সীমান্ত বিবাদ অব্যাহত আছে। এই বিবাদৰ বাবে ভাৰতেও পাকিস্তানৰ সৈতে চীনৰ সৈতে যুদ্ধ কৰিছিল।

এতিয়াও অব্যাহত আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধ । কিন্তু ইয়াৰ বিপৰীতে বিশ্বৰ দুখন শক্তি ধৰ দেশৰ মাজত আজিও ভাতৃত্ববোধ অব্যাহত আছে ৷

দুই দেশৰ মাজত থকা এটা দ্বীপক লৈ কোনো বিবাদ -বিৰ্তক নকৰাকৈয়ে পাৰস্পৰিক বুজাপৰাৰে প্ৰতি ছমাহৰ অন্তৰে অন্তৰে দুয়োখন দেশে শাসন চলাই আহিছে ৷

এই দ্বীপটোৰ নাম ফিজান্ট দ্বীপ। এই দ্বীপটো ফ্ৰান্স আৰু স্পেইনৰ দুই দেশৰ মাজত স্থিত । ১৯৫৯ ত দ্বীপটোক লৈ সম্পন্ন হৈছিল এক ঐতিহাসিক চুক্তি

এক চুক্তি অনুসৰি বছৰৰ প্ৰথম ছটা মাহ ফান্সে আৰু পাছৰ ছটা মাহ স্পেইনে শাসন চলাব ৷ আনকি নিয়ম সুদীৰ্ঘ ৩৫৯ বছৰ ধৰি অব্যাহত আছে ৷

এই চুক্তি কিয় কৰা হৈছিল:
১৯৫৯ চনত ফ্ৰান্স আৰু স্পেইনৰ মাজত এই দ্বীপ সম্পৰ্কীয় চুক্তিক পেইনিছ চুক্তি বুলি কোৱা হয়। প্ৰকৃততে এই দ্বীপটো ২০০ মিটাৰ দীঘল আৰু প্ৰায় ৪০ মিটাৰ বহল।

নদীৰ মাজত পৰা এই দ্বীপটো কোনে শাসন কৰিব তাক লৈ বহু শতাব্দী ধৰি অব্যাহত আছিল সংঘাত । পাছত ফ্ৰান্স আৰু স্পেইনে পাৰস্পৰিক বুজাপৰা ক্ৰমে এক চুক্তি সম্পাদন কৰে ৷

 চুক্তি অনুসৰি এই দ্বীপটো প্ৰথম ৬ মাহৰ বাবে ফ্ৰান্সৰ সৈতে থাকিব আৰু পাছৰ ছমাহ স্পেইনৰ দখলত থাকিব ৷

Exit mobile version