Unification of AKRSU:
কোচ ৰাজবংশী জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা সময়ৰ সোঁতত বহুধাবিভক্ত আছিল যদিও দহটাকৈ ভাগত বিভক্ত আক্ৰাছু এইবাৰ ঐক্যবদ্ধ হোৱাৰ মন মেলিছে ৷
এটা দুটা নহয়, দহটাকৈ ভাগত বিভক্ত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনগোষ্ঠীয় ৰাইজ তথা জ্যেষ্ঠ নাগৰিকৰ আহ্বান মৰ্মে পুনৰ একত্ৰিত হোৱাৰ দিশে আগবাঢ়িছে ৷ উল্লেখ্য যে, বিভাজিত গোট সমুহৰ বাবেই জনজাতিকৰন বিষয়টোক গুৰুত্বহীন কৰি ৰাখিছে অসম চৰকাৰে ৷
এনে প্ৰেক্ষাপটত আগন্তুক ২৯ জুলাইত প্ৰতিষ্ঠা দিৱসৰ দিনটোত একত্ৰিত হব আক্ৰাছু৷ দহটা গোট সামৰি পুনৰ নিৰ্বাচিত হব সভাপতি- সম্পাদক ৷ সকলো মতভেদ পৰিহাৰ কৰি সংকল্প হব জনজাতিকৰন তথা পৃথক কমতাপুৰ ৰাজ্য গঠনৰ আন্দোলনৰ কুচকাৱাজ ৷
আক্ৰাছু ঐক্যবদ্ধ সমন্বয় ৰক্ষী সমিতিৰে আলোচনাৰ পিছত বঙাইগাঁৱত সংবাদমেল যোগে বিভাজিত আক্ৰাছুৰ ক্ষিতিশ গোটৰ সভাপতি ক্ষিতিশ বৰ্মনে কয় আমি বিভাজিত আটাইকেইটা গোট এটা হ’ম ৷ আমি আগন্তুক দিনত জনগোষ্ঠীটোৰ মুল দাবী সমূহৰ সম্পৰ্কক বলিষ্ঠ পদক্ষেপ ল’ম ৷এইক্ষেত্ৰত কাৰোৰে দ্বিমত নাই ৷ এতিয়া আমাৰ মূল দাবী জনজাতিকৰন তথা পৃথক কমতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত এক বৃহৎ আন্দোলন গঢ়ি তুলি চৰকাৰৰ মনচদ কপাই তুলিম ৷






























