Guwahati New Police Station:
দিনক দিনে মহানগৰীত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ ৷ মহানগৰীত অচিৰেই বৃদ্ধি পাব আৰক্ষী থানাৰ সংখ্যা ৷ বতৰ্তম ২৩খনৰ পৰিৱৰ্তে গুৱাহাটীত থানাৰ সংখ্যা বৃদ্ধি পাব ৪০ খনলৈ ৷ আৰক্ষী চকী সমূহ উন্নীত হ’ব থানালৈ ৷
ADVERTISEMENT
জনবসতিবহুল এলেকা নিৰ্ধাৰণ কৰি স্থাপন কৰা হ’ব নতুন থানা কেইখন ৷ আনহাতে এজন আৰক্ষীৰ বিপৰীতে থাকিব দুজন যুটীয়া আৰক্ষী আয়ুক্ত ৷ এগৰাকীৰ দায়িত্বত আইন শৃংখলাৰ বিপৰীতে আনজনৰ হাতত ন্যস্ত থাকিব প্ৰশাসন।
ৰাজ্যৰ গৃহ বিভাগে ইতিমধ্যে এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে ৷ গুৱাহাটী আৰক্ষী আয়ুক্তই ইয়াৰ বাবে গ্ৰহণ কৰিছে যাবতীয় পদক্ষেপ ৷






























