Religious Harmony:বিশ্ব হিন্দু পৰিষদৰ মন্দিৰত সম্পন্ন নিকাহ

WhatsApp Image 2023 03 08 at 14.49.02

Religious Harmony:

বহু হিন্দু যুৱক-যুৱতীয়েই মন্দিৰত বিবাহ সম্পন্ন কৰে। অথচ কোনো মুছলমান যুৱক-যুৱতীয়ে দেৱতাৰ স্থানত বিবাহ সম্পন্ন কৰাৰ নিদৰ্শন হয়তো দেখা নাযায়।

সম্প্রীতিৰ এনে এক নিদর্শন সম্প্রতি দেখা গ’ল হিমাচল প্ৰদেশত। শেহতীয়াকৈ ছিমলাৰ ৰামপুৰত এটা হিন্দু মন্দিৰৰ চৌহদত ইছলাম ৰীতি অনুসাৰে নিকাহ সম্পন্ন কৰিলে এক মুছলমান যুগলে।

ঠাকুৰ সত্যনাৰায়ণ মন্দিৰৰ চৌহদত অনুষ্ঠিত উক্ত নিকাহ অনুষ্ঠানত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ বহু লোক উপস্থিত থাকে। মৌলবী আৰু উকীলো উপস্থিত আছিল।

উল্লেখ্য যে উক্ত মন্দিৰটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আছে বিশ্ব হিন্দু পৰিষদ। সম্প্ৰীতিৰ বাৰ্তা দিয়াৰ বাবেই মন্দিৰত বিবাহৰ আয়োজন কৰা হয় বুলি সদৰী কৰিছে সেই মুছলমান নৱদম্পতীৰ পৰিয়ালে।

পাত্ৰীৰ পিতৃ মহেন্দ্ৰ সিং মালিকে কয়, ‘ৰামপুৰৰ সত্যনাৰায়ণ মন্দিৰৰ প্ৰাংগণত মোৰ ছোৱালীৰ বিবাহ সম্পন্ন হ’ল। বিবাহৰ আয়োজনৰ বাবে চহৰৰ সকলো শ্ৰেণীৰ মানুহেই আগুৱাই আহিছিল।

বিশ্ব হিন্দু পৰিষদ, মন্দিৰৰ ট্রাষ্টেও অগ্রণী ভূমিকা পালন কৰে।’ ৰামপুৰৰ নিবাসীসকলে এই বিবাহৰ মাধ্যমেৰেই সমাজলৈ সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰা বুলিও মালিকে কয়।

উল্লেখ্য যে মালিকৰ কন্যা আৰু জোঁৱায়েক চিভিল ইঞ্জিনীয়াৰ৷ ইফালে, মন্দিৰ ন্যাসৰ সচিব প্রধান বিনয় শৰ্মাই সংবাদ সংস্থাৰ আগত কয়, ‘মন্দিৰটো পৰিচালনা কৰে বিশ্ব হিন্দু পৰিষদে

ইয়াতেই আছে আৰএছএছৰ জিলা কার্যালয়। বিশ্ব হিন্দু পৰিষদ আৰু আৰএছএছক ‘মুছলমান বিৰোধী’ বুলি কোৱা হয়; কিন্তু ইয়াত হিন্দু মন্দিৰতে বিয়া হ’ল মুছলমান দম্পতীৰ। এয়া এক দৃষ্টান্ত।’

Exit mobile version