Women Spl:ৰাজ মিস্ত্ৰী কৰি পৰিয়াল চলায় জয়মতি ব্ৰহ্ম নামৰ ভূটান সীমান্তৰ এগৰাকি মহিলাই

WhatsApp Image 2023 03 08 at 19.20.56

Women Spl:

পুৰুষৰ সমানে সমানে খোজ মিলাই আগুৱাইছে আজিৰ নাৰীয়ে । আজি নাৰী দিৱসৰ এই মুহুৰ্তত চিৰাং জিলাত চৰ্চা লাভ কৰিছে এগৰাকি বিশেষ মহিলাই।

ভূটান সীমান্তৰ দাদগিৰী-হাতিসাৰৰ ৩নং সোনাপুৰৰ বাসিন্দা জয়মতি ব্ৰহ্ম নামৰ মহিলা গৰাকীয়ে ৰাজমিস্ত্ৰী কাম কৰি পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। নাৰী তুমি অনন্যা

কথাষাৰ কোনে কৈছিল নাজানো কিন্ত নাৰী যে সঁচাকৈ অনন্যা সেয়া আজি বাস্থৱ। চিৰাং জিলা সদৰৰ পৰা প্ৰায় ৫০ কি:মি: উত্তৰে ভূটান সীমান্তৰ দাদগিৰি হাতীসাৰৰ ৫২ বছৰীয়া জয়মতি ব্ৰহ্ম নিজৰ স্বামীৰ দুৰাৰোগ্য ৰোগত ২০০২ চনত মৃত্যু হোৱাৰ পিচত দুটি পুত্ৰ সন্তান আৰু বৃদ্ধ শাহুৱেকক লৈ দিশ নোপোৱা হৈ ৰাজ মিস্ত্ৰীৰ সহায়ক(হেল্পাৰ) হিচাবে কাম কৰিবলৈ আৰম্ভ কৰে ।

 নিয়মিত দুবছৰ কাম কৰাৰ পিচত নিজেই মিস্ত্ৰী কাম জনা হয় আৰু সহায়ক হিচাবে ৰাজ মিস্ত্ৰীক যোগান ধৰাল লগে লগে মিস্ত্ৰীৰ সৈতে নিজেও কাম কৰিবলৈ লয়। ২০০৩ চনৰ পিচৰ পৰাই নিজেই মিস্ত্ৰী হিচাবে কাম কৰিবলৈ ধৰে।

নিজে লোকৰ ঘৰ বনোৱা কাম ঠিকা লয়। কেতিয়াবা ঠিকা নাপালেও হাজিৰা হিচাবেও ৰাজমিস্ত্ৰী কাম কৰে। প্ৰথম অৱস্থাত মহিলা হোৱা হেতুকে কাম পোৱাত অসুবিধা হৈছিল যদিও পিচলৈ তেওঁৰ সু-নিপুন কামৰ বিষয়ে জনাৰ পিচত মানুহে তেওঁক মাতি লৈ কাম দিয়ে।

জয়মতি ব্ৰহ্মই ‘দৈনিক অগ্ৰদূত’ক জানিব দিয়া মতে তেওঁ হাজিৰা কাম কৰিলে ৬০০ শ টকা লাভ কৰে তেওঁৰ সৈতে যোগনীয়াৰ(সহায়ক) হিচাবে নিজৰ ডাঙৰ পুতেকেই থাকে ।

ডাঙৰ পুতেক প্ৰদিপ ব্ৰহ্ম আধাতেই পঢ়াশুনা এৰি মাতৃক সহায় কৰে আৰু দ্বিতীয় পুতেক মহেশ ব্ৰহ্ম বেংতল কলেজত বিবিএ পঢ়ি আছে বুলি জনায়।

দুৰনীবটীয়া ঠাইত কাম ললে পুতেকে আগুৱাই থয় আৰু আনে। আজিৰ তাৰিখত পুতেকক পঢ়ুৱাইয়ো অনায়সে পৰিয়াল চলাবলৈ সক্ষম হোৱা বুলিও জনায় জয়মতি ব্ৰহ্মই।

মাজে সময়ে কাম নাপালে দাদগিৰি বজাৰত চাহৰ দোকান দিয়ে নতুবা গাঁওৰ পৰা শাক পাচলি লৈয়ো বিক্ৰী কৰি পৰিয়াল চলায়। দিনৰ দিনটো কাম কৰি আহি নিশা নিজেই ৰন্ধা -বঢ়াও কৰে যদিও মাজে সময়ে নিজৰ পুতেকেও মাতৃক সহায় কৰা বুলিও জনায় জয়মতি ব্ৰহ্মই।

চৰকাৰী ভাৱে আজিলৈ কোনো সহায় নোপোৱা বুলি জনায় জয়মতি ব্ৰহ্মই। তেখেতে লগতে জনায় যে জনজাতীয় হোৱা স্বত্তেও নিজৰ জাতীয় পোচাক দোখোনা এৰিবলগীয়া হয় ৰাজ মিস্ত্ৰী কাম কৰোতে।

কাৰণ দোখোনা পিন্ধি ওপৰৰ কাম কৰাত অসুবিধা হয় সেয়ে মেক্সি জাতীয় পোচাক পিন্ধি কাম কৰিবলগীয়া হয়। সম্প্ৰতি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ ঠকা লাভ কৰি ঘৰ বনোৱা কামত নিয়োজিত হৈ আছে আমটেকাৰ ৩নং অক্সিগুৰি গাঁওত।

প্ৰতিটো ঘৰ নিৰ্মানৰ বাবত ৩০ হেজাৰ টকাকৈ ঠিকা লাভ কৰা বুলি জনায় মহিলা ৰাজমিস্ত্ৰী জয়মতি ব্ৰহ্মই। তেওঁৰ পুতেকৰ পঢ়াশুনাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কোনোবাই সহায় কৰিলে কৃতাৰ্থ হব বুলিও’ দৈনিক অগ্ৰদুত’ৰ আগত স্বীকাৰ কৰিলে জয়মতি ব্ৰহ্মই।

এগৰাকি নাৰীহৈ প্ৰথিযোগিতাৰ এই যুগত ৰাজমিস্ত্ৰী কাম কৰি নিজৰ লগতে নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে।

এয়া নিশ্চয়কৈ জিলাখনত অতিকে পিচপৰা অঞ্চলটোৰ বাবে সঁচাকৈ চৰ্চাৰ বিষয় তথা আদৰ্শ। প্ৰতিগৰাকি নাৰীয়ে জীৱনটোক প্ৰত্যহ্বান হিচাবে লৈ আগুৱাই গলে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হয় এয়া তাৰেই উদাহৰণ।

জয়মতি ব্ৰহ্মৰ ৰাজমিস্ত্ৰী কামৰ সম্ভেদ লাভ কৰি চিদলী সমষ্টীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কেইদিনমান পুৰ্বে সম্বৰ্ধনাও জনাইছিল।

চিৰাং জিলাৰ খুংগ্ৰীঙত অনুষ্টিত হোৱা ইউপিপিএল দলৰ মহিলা শাখাৰ কেন্দ্ৰীয় নাৰী দিৱসৰ কাৰ্য্যসুচিত জয়মতি ব্ৰহ্মক বিশেষ ভাৱে সম্ভৰ্ধনা জনাব বুলিও জানিব পৰা গৈছে।

Exit mobile version