Guwahati Commerce College :গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত “কেন্দ্ৰীয় বাজেট ২০২৩-২৪” ৰ ওপৰত আলোচনা সম্পন্ন

dac9627e 4700 446a af3e 2cd713ba75cc

Guwahati Commerce College :

অসমৰ অন্যতম বাণিজ্য শিক্ষানুষ্ঠান গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা এক ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা “কেন্দ্ৰীয় বাজেট ২০২৩-২০২৪” সন্দৰ্ভত এক আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়।

“অমৃত কাল”ৰ কেন্দ্ৰীয় বাজেটত যুৱ শক্তিক প্ৰাধান্যতা দিয়া, নতুন সংস্থাপনৰ পথ মুকলি, দেশৰ অৰ্থনৈতিক পৰিৱেশৰ স্থিৰতা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

গুৱাহাটী বাণিজ্য মহবিদ্যালয়ৰ অধ্যক্ষ ড০ সোমেশ্বৰ কলিতা, উপাধ্যক্ষ অমৰেন্দ্ৰ তালুকদাৰৰ উপস্থিতিত আয়োজিত হৈ যোৱা আলোচনাচক্ৰত অসম যুৱ আয়োগৰ সদস্যা তথা ৰাজ্যিক বিজেপিৰ নীতি- গৱেষণা কোষৰ আহ্বায়ক মিতা নাথ বৰা, ৰাজ্যিক বিজেপিৰ প্ৰফেশ্যনেল কোষৰ আহ্বায়ক তথা চি এ প্ৰদীপ নাহাতা, জি এছ টি বিশেষজ্ঞ, চি এ বিকাশ আগৰৱালা, গুৱাহাটী বাণিজ্য মহবিদ্যালয়ৰ প্ৰবক্তা ড০ গৌৰ গোপাল বনিক নিমন্ত্ৰিত বক্তা হিছাপে অংশগ্ৰহণ কৰে।

উক্ত আলোচনাচক্ৰত কেন্দ্ৰীয় বাজেট ২০২৩ পূৰ্বৰ বাজেটতকৈ কি কি দিশত পৃথক, যুৱ প্ৰজন্মক কেন্দ্ৰীয় বাজেটে কেনেদৰে উপকৃত কৰিব আৰু বাজেটৰ মুখ্য দিশ সমূহৰ ওপৰত আলোচনা হৈ যায়।

ইয়াৰ উপৰিও, বক্তাসকলে নতুন কৰ শ্লেব আৰু পুৰণি কৰ শ্লেবৰ ধাৰণা, এই বছৰৰ বাজেটে কেনেদৰে সাধাৰণ মানুহৰ ব্যয় সলনি কৰিব আৰু বিশ্বৰ অৰ্থনৈতিক পৰিস্থিতিৰ তুলনাত ভাৰতীয় অৰ্থনীতিৰ পৰিসংখ্যা কেনেদৰে সলনি কৰিব তাৰ ওপৰত বক্তব্য আগবঢ়ায়।

কেন্দ্ৰীয় বাজেটখনত মূলতঃ সাতটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ইয়াৰ বাবে এই বাজেটক সপ্তঋষি বাজেট আখ্যা দিয়া হৈছে। মিতা নাথ বৰাই এই বিষয়ৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে শিক্ষাৰ্থী সকলৰ স’তে মত বিনিময় কৰে।

Exit mobile version