Uber : উবেৰ যাত্ৰীসকলৰ বাবে সুখবৰ , এইবাৰ ৯০ দিনৰ আগতেই কৰিব পৰিব বুকিং

images 5

Uber :

কেব বুকিং কৰাৰ সময়ত বিভিন্নলোকে সমস্যাৰ সন্মুখীন হ’ব লগা হয়। কেতিয়াবা, বুকিংৰ সমস্যা মাৰাত্মক হয় পৰে। সেই বিষয়ে চিন্তা কৰি, উবেৰৰ এইবাৰ অভিনৱ সিদ্ধান্ত। প্ৰকৃততে কথাটো কি? তথ্য অনুসৰি Uber সংস্থাৰ ফালৰ পৰা এটা সুবিধা লৈ অহা হৈছে যাৰ নাম ‘উবেৰ ৰিজাৰ্ভ’ ।

নামটো শুনিয়েই নিশ্চয় অনুমান কৰিব পাৰিছে যে বিষয়টো কি । এইবাৰ প্ৰয়োজনৰ ৯০ দিনৰ পূর্বেই বুকিং কৰিব পাৰিব Uber।

ধৰি লওঁক আপুনি ইতিমধ্যেই বিমানৰ টিকট বুক কৰিছে । ফলত অৱতৰণৰ সময়ও জানে। তেন্তে বিমানবন্দৰত নামি আকৌ কেব বুক কৰাৰ চিন্তা কিয় ?

এতিয়া আগতীয়াকৈ সময় আৰু স্থান দি বুক কৰি ৰাখক কেব । তেনে ক্ষেত্ৰত, আপুনি নিদিষ্ট বিমানবন্দৰত নমাৰ আগতে গাড়ী আহি উপস্থিত হ’ব।

কিন্তু কিয় এই সিদ্ধান্ত ল’লে Uber? কোম্পানীৰ মতে, তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে যাত্ৰীসকলে কোনো সমস্যা নোহোৱাকৈ গন্তব্যস্থানত উপনীত হোৱাটো নিশ্চিত কৰা।

বহুসময়ত যাত্ৰীসকলে অত্যধিক চাপৰ বাবে সমস্যাৰ সন্মুখীন হ’ব লগা হয়। কিছুমানে প্ৰয়োজন নহ’লেও UberXL বুক কৰিবলৈ বাধ্য হয়। সেইকাৰণে এই সিদ্ধান্ত।

Exit mobile version