Gohpur Murder Case Update : গহপুৰৰ চাঞ্চল্যকৰ শিশু হত্যাকাণ্ডৰ নতুন মোৰ !

পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰক , পুত্ৰহন্তা পিতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ

WhatsApp Image 2023 03 10 at 13.49.48

Gohpur Murder Case Update:

গহপুৰৰ সোঙালীবড়িৰ পথাৰত বুধবাৰে এটি এবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ ৷ পিতৃৰ হাতত প্ৰাণ গ’ল এবছৰীয়া সন্তান পৰাগজ্যোতি বৰদলৈৰ।

শচীন বৰদলৈৰ বিৰুদ্ধে পুত্ৰ হত্যাৰ অভিযোগ তুলিছে স্বয়ং শিশুটিৰ মাতৃ তথা পত্নী আৰু গঞাই । নিজ সন্তানক নৃশংসভাৱে হত্যা কৰি লুকাই থকাৰ পাছত আজি নিজ গৃহলৈ অহাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্যে যে,বৃহস্পতিবাৰে পুত্ৰৰ এবছৰীয়া জন্মদিনৰ বাবে বুধবাৰে সন্ধিয়া ছয় বজাত পুত্ৰক চাইকেলত উঠাই বজাৰলৈ গৈ পিতৃ শচীন বৰদলৈ আৰু পুত্ৰ পৰাগজ্যোতি সন্ধান হৈ আছিল আৰু বৃহস্পতিবাৰে কণমানি পৰাগজ্যোতিৰ নিথৰ দেহ উদ্ধাৰ হয় গহপুৰৰ সোঙালীবড়িৰ পথাৰত ৷ কাষত পৰি আছিল চাইকেল আৰু বজাৰ কৰিব যোৱা মোনাটো ৷

কিন্ত সন্ধান নাছিল পিতৃ শচীন বৰদলৈৰ। কিন্তু আজি পুৱা ঘৰত উপস্থিত হয় শচীন বৰদলৈ। ৰাইজৰ খবৰৰ ভিত্তিত আজি ৰাতিপুৱা গহপুৰ আৰক্ষীয়ে পুত্ৰহন্তা পাষাণ পিতৃক গ্ৰেপ্তাৰ কৰে।

আনহাতে ঘটনাৰ সন্দৰ্ভত ধৃত শচীন বৰদলৈৰ পত্নীয়ে কয় যে আজি কাহিলীপুৱাতে ঘৰত উপস্থিত হোৱাৰ সময়ত শচীনৰ হাতত আছিল এখন চোকা দা।

নিজ পুত্ৰক হত্যা কৰা শচীনক ফাঁচি দিয়াৰ দাবী কৰে পত্নীয়ে ৷ ইপিনে স্থানীয় ৰাইজে পুত্ৰহন্তা শচীন বৰদলৈয়ে কণমানি পৰাগজ্যোতিক হত্যা কৰিছে বুলি দাবী কৰে ৷

ঘৰৰ পৰা হাতত হেণ্ডকাপ লগাই শচীনক লৈ অনাৰ পাছতে ৰাইজ থানাত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অৱশ্যে আৰক্ষীৰ বুজনিত ৰাইজ ঘৰমুৱা হয় ৷ আৰক্ষীৰ আশ্বাস দোষীক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিয়া হ’ব ৷

Exit mobile version