Ratnam Mahayasi Award :সাহিত্যিক হেমপ্ৰভা বড়া সোণোৱাল, হস্ত-তাঁত বস্ত্ৰ শিল্পী হেমন্তী দলে চুংক্ৰাং লোকশিল্পী বৈজয়ন্তী নাথ তালুকদাৰলৈ ৰত্নমৰ মহিয়সী বটাঁ

WhatsApp Image 2023 03 10 at 18.19.25

Ratnam Mahayasi Award :

বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “ৰত্নম”ৰ উদ্যোগত আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ সহযোগিতাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত “মহীয়সী বঁটা ২০২৩” প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় |

অনুষ্ঠানত সাহিত্যিক হেমপ্ৰভা বড়া সোণোৱাল, হস্ত-তাঁত বস্ত্ৰ শিল্পী হেমন্তী দলে চুংক্ৰাং, লোকশিল্পী বৈজয়ন্তী নাথ তালুকদাৰ, চাহ বাগিচাত ড্ৰাগ্‌ছ-বাল্য বিবাহৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ দিয়া সমাজসেৱী ভানু তাঁতী আৰু আশী বছৰতো উৎসৰ্গিত মনোভাৱেৰে নাৰ্ছিং সেৱা আগবঢ়োৱা স্নেহলতা এন চাংমাক বঁটা প্ৰদান কৰা হয় ।

সমাজখনক আলোকৰ পথেৰে আগুৱাই নিবলৈ কৰা অক্লান্ত পৰিশ্ৰম আৰু সেৱাৰ মানসিকতাই এই সকল নাৰীৰ জীৱন আৰু কৰ্মৰাজিৰ বৈশিষ্ট্যতাক বিশেষ মাত্ৰা প্ৰদান কৰিছে ৷

সমাজলৈ ব্যতিক্ৰমী অৱদান আগবঢ়োৱা তথা প্ৰচাৰ বিমুখ মহিলাসকলক উলিয়াই আনি স্বীকৃতি তথা সম্বৰ্ধনা জনোৱা পদক্ষেপে মহিলাক সমাজৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ উৎসাহিত কৰি আহিছে ৷

মহীয়সী বঁটাৰ জৰিয়তে নিজ নিজ কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলক স্বীকৃতি প্ৰদান কৰাৰ জৰিয়তে নাৰী সমাজেও যে সমাজৰ বিকাশৰ এক শক্তিশালী অংশীদাৰ সেই কথাও প্ৰতীয়মান কৰে |

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,জয়ন্ত মল্লবৰুৱা, বলীন চেতিয়া, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা, অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ড° হেমপ্ৰভা বৰঠাকুৰৰ উপৰি ‘ৰত্নম’ৰ সম্পাদক ববিতা শৰ্মাকে ধৰি মহীয়সীৰ সদস্য পাৰবীন হুছেইনৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version