Mangaldoi Incident : মঙলদৈত অঘটন !

দলবদ্ধ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শূন্যলৈ গুলীচালনা ব্যৱসায়ীৰ

1795151a 3c97 4a2f a9c3 f14ba742fd52

Mangaldoi Incident :

মঙলদৈৰ সমীপৱৰ্তী মোৱামাৰীত শুক্ৰবাৰে নিশা সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ । মঙলদৈৰ প্ৰতিষ্ঠিত ব্যৱসায়ী পবিত্ৰ ডেকাই হঠাতে শূন্যলৈ গুলীচালনা কৰাক লৈ এক উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি ব্যৱসায়ী পবিত্ৰ ডেকাই তেওঁৰ ডাম্পাৰ গাড়ী খনৰে মঙলদৈৰ উপকণ্ঠ মোৱামৰীয়াত নিৰ্মাণধীন স্কিল ইউনিভাৰ্ছিটিৰ বাবে মাটি কঢ়িওৱা কামত লগাইছিল ৷

কিন্ত মাটি কঢ়িওৱা কাম অব্যাহত থকা সময়তে স্থানীয় একাংশ লোকে ডাম্পাৰ খনক মাটি কঢ়িওৱা কামত বাধাআৰোপ কৰি আগভেটি ধৰে ৷

উদ্থাপিত অনুসৰি ডাম্পাৰ চালকজনক সেই পথৰে চলোৱাৰ বাবে বিভিন্ন দাবী ,হুমকি দিছিল প্ৰায় অৰ্ধ শতাধিক লোকে৷ এই খবৰ প্ৰায় সেই স্থানত উপস্থিত হয় ব্যৱসায়ী পবিত্ৰ ডেকা ৷

ডেকাক দেখাৰ লগে লগে উল্লিখিত লোক সকল উত্তেজিত হৈ তেওঁক আক্ৰমণ কৰে ৷লাঠি আৰু বাহেঁৰে প্ৰহাৰ কৰাত ডেকাৰ মুৰ ফালি যোৱাত তেজৰে তুমুৰলি হৈ পৰে ৷উত্তেজিত লোক সকলৰ দলবদ্ধ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে নিজৰ অনুজ্ঞা পত্ৰ থকা চাৰ্ভিছ পিষ্টলৰে শূন্যলৈ গুলীচালনা কৰে ৷

পাছত অৱশে লোক সকল সেই স্থানৰ পৰা আঁতৰি য়ায় ৷ আহত ডেকা লগে লগে ভৰ্তি হয় মঙলদৈৰ এখন চিকিৎসালয়ত ৷
সম্প্ৰতি মোৱামাৰী অঞ্চলত অব্যাহত আছে চেপাঁ উত্তেজনা ৷

Exit mobile version