Two Child Policy For All : ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে

জনসংখ্যা আইনৰ দাবীত গণ স্বাক্ষৰ হোৱা

b0f2b55f 41c7 48e6 a131 9f7362bd7932

Two Child Policy For All :

জনবিস্ফোৰণ আৰু জনসংখ্যাত দেখা দিয়া তীব্ৰ গতিত বৃদ্ধি পোৱা ধৰ্মীয় অসন্তোলনতাই দেশ আৰু ৰাজ্য সমূহৰ নিৰাপত্তা আৰু খিলঞ্জীয়াৰ আৰ্থ সামাজিক সাংস্কৃতিক ৰাজনৈতিক অধিকাৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে। জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ আজিকোপতি দেশত এখন আইনৰ প্ৰণয়ন আৰু ৰূপায়ণ নোহোৱাটো দেশৰ বাবে দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে।

১৯৫১ চনৰ পৰা চলি থকা পৰিয়াল পৰিকল্পনা আঁচনি খন কোনো আইনৰ ওপৰত প্ৰতিস্থিত নহয়। গতিকে এনে এখন আঁচনিৰ সুবিধা গ্ৰহণ কৰাটো আইনৰ দৃষ্টিত বাধ্যতামূলক নহয়। পৰিয়াল পৰিকল্পনা আঁচনি খনে দেশত জনসাংখ্যিক অসন্তোলনতাহে বৃদ্ধি কৰি আহিছে।

এখন জনসংখ্যা নিয়ন্ত্রণৰ জৰিয়তেহে দেশৰ জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি নিয়ন্ত্রণ (stabilisation) কৰিবলৈ চৰকাৰৰ হাতত এটি বিধিগত চাবিকাঠি থাকে। কিন্তু দুৰ্ভাগ্যজনক ভাবে, দেশৰ স্বাৰ্থৰ প্ৰতি পিঠি দি কেবল ৰাজনৈতিক মুনাফাৰ বাবেই ৰাষ্ট্ৰহিতৰ বাবে সৰ্বোপৰি এনে এখন আইনৰ প্ৰতি চৰকাৰ সমূহ উদাসীন হৈ থকাতো দেশৰ বাবে দুৰ্ভাগ্যজনক হৈছে।

কেন্দ্রৰ বিজেপি চৰকাৰ খনৰ পৰা জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণৰ দিশত এনে যোগাত্মক পদক্ষেপ আশা কৰা হৈছে।

জাতি আৰু ধৰ্ম নিৰ্বিশেষে দুটা সন্তান নীতিৰ আধাৰত সকলো নাগৰিকৰ ওপৰত সমানে বলবৎ হোৱাকৈ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ জৰুৰী প্ৰণয়ন আৰু ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰক হেচা প্ৰয়োগ কৰিবৰ বাবে আৰু আইন খনৰ সপক্ষে দেশৰ সকলো ৰাজ্যত যোগাত্মক পৰিৱেশ সৃষ্টি কৰিবৰ বাবে, ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ কাৰ্যনিৰ্বাহকে আহি থকা দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সৰ্বসন্মতিক্ৰমে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত সমূহ যোৱা ১০ মাৰ্চত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে ঘোষণা কৰিছে

১। অহা ১৯ মাৰ্চৰ পৰা ২৩ মাৰ্চ লৈকে প্ৰত্যেক ৰাজ্যৰ জেএছএফে নিজ ৰাজ্যৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকলক সাক্ষাৎ কৰি দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰাব। জনপ্ৰতিনিধি সকলে বিধান সভা আৰু সংসদত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ দাবী তুলিবলৈ আৰু তেনে দাবীক সমৰ্থন জনাবলৈ জেএছএফে আহবান জনাব। জনপ্ৰতিনিধি সকলে দেশত এখন জনসংখ্যা নিয়ন্ত্রণ আইনৰ সমৰ্থনত স্বাক্ষৰ প্ৰদান কৰি, আনকো স্বাক্ষৰ প্ৰদান কৰিবলৈ উৎসাহ যোগাব। ইলেকট্রনিক আৰু ছপা সংবাদ মাধ্যম, লগতে ৰাজহুৱা সমাবেশ সমূহত এখন কঠোৰ জনসংখ্যা আইনৰ সপক্ষে মত ৰাখি জনসচেতনতামূলক সেৱা আগবঢ়াব।

২। সমগ্ৰ দেশৰ ৰাজ্যিক, জিলা, বিধানসভা আৰু পঞ্চায়ত জেএছএফৰ প্ৰতিনিধি সকল অহা ২৮ এপ্ৰিল (২০২৩ চনৰ) ত দিল্লীৰ সীমা গাজিয়াবাদত একত্ৰিত হব আৰু ২৯ এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় ৰাজধানীৰ কৰ্তব্য পথত (আগৰ ৰাজমাৰ্গ) থকা “ইন্দিয়া গেট”ৰ ওচৰত সমবেত হৈ মাননীয় প্ৰধানমন্ত্ৰীক প্ৰত্যেক ৰাজ্যৰ জেএছএফৰ সভাপতি আৰু প্ৰতিনিধি সকলে জনসংখ্যা আইনৰ দাবীত হস্তাক্ষৰিত / স্বাক্ষৰ হোৱা পত্ৰ সমূহৰ টোপোলা প্ৰদান কৰিব।

৩। কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ সপক্ষে পৰবৰ্তী কাৰ্যপন্থা প্ৰত্যেক ৰাজ্যিক জেএছএফক অবগত কৰা হ’ব বুলি এক প্ৰেছ বিবৃতিযোগে সদৰি কৰে জেএছএফৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু প্ৰসাৰ প্ৰমুখ হৰেন্দ্ৰ বৰাই ৷

Exit mobile version