Brahmaputra : পুনৰ খহনীয়া কয়লাঘাটৰ সমীপত , বান্ধক সুৰক্ষা দি থকা স্পাৰ পৰিল ব্ৰহ্মপুত্ৰৰ বুকুত

লুইতৰ ভয়ংকৰ খহনীয়াত ত্ৰস্তমান ডিব্ৰুগড়

3cbc1b4e c43e 4301 befa 181512eb2e2f 1

Brahmaputra :

বাৰিষা নৌ হওঁতেই পুনৰ প্ৰৱল গৰাখহনীয়াই অশনি সংকেত কঢ়িয়াই আনিছে ডিব্ৰুগড়লৈ। চহৰখনৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ কয়লাঘাটৰ সমীপত পুনৰ বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে ডিব্ৰুগড়বাসীৰ।

শনিবাৰে খহনীয়াই ফলত ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধক সুৰক্ষা দি থকা পাঁচ নম্বৰ স্পাৰটোৰ কিছু অংশ খহাই নিয়া ঘটনাই মানুহক অধিক আতংকিত কৰি তোলে।

উল্লেখ্য যে যোৱা চাৰি মাৰ্চৰ নিশাৰে পৰা ভয়ংকৰ খহনীয়াত মথাউৰি পাৰৰ প্রায় ২৫০ মিটাৰ ভূমি জাহ যোৱাৰ লগতে ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধলৈ মাত্ৰ আঠ মিটাৰ বাকী ৰৈছিল।

জলসম্পদ বিভাগে তৎপৰতাৰে দিনে-নিশাই জিঅ’বেগ আৰু পকী-পাকুপাইনৰ জৰিয়তে খহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছিল যদিও শনিবাৰে পুনৰ পূৰ্বৰ খহনীয়াৰ কিছু নিলগতে (ভটিয়নীত) পুনৰ আৰম্ভ হয় ভয়ংকৰ খহনীয়া।

খহনীয়াস্থলীত ইতিমধ্যে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলীয়ে পৰিদৰ্শন কৰিছিল যদিও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ সফল হোৱা নাই জলসম্পদ বিভাগ।

আনহাতে, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈ আৰু প্ৰবাসী অসমীয়া নদী বিশেষজ্ঞ ড° আৰতি বৰুৱা উপস্থিত হৈ জলসম্পদ বিভাগে খহনীয়া ৰোধৰ নামত কৰা ভেকোভাওনা সন্দৰ্ভত তীব্র ক্ষোভ প্রকাশ কৰিছিল।

ইটা জপাদি জিঅ’বেগ জাপি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধ কৰিব বিচৰা কাৰ্যৰ তীব্ৰ প্রতিক্রিয়া প্ৰকাশ কৰিছিল। ইয়াৰ পাছতো জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’বেগ আৰু পকী পাকুপাইনহে পেলাই খহনীয়া ৰোধৰ চেষ্টা কৰি আহিছিল।

বিগত চাৰি মাৰ্চৰ পৰা ক্রমাগতভাৱে খহনীয়া অব্যাহত থকাৰ পাছতো জলসম্পদ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে উপস্থিত হৈ ডিব্ৰুগড়ৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্রহণ কৰাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

১৯৫৫তে ডিব্ৰুগড় নগৰৰ ৰক্ষা কবচ স্বৰূপ পাঁচ কিলোমিটাৰৰ অধিক দৈৰ্ঘ্যৰ সুৰক্ষা বান্ধটো নিৰ্মাণ কৰা হৈছিল। যদিও বৈজ্ঞানিক পদ্ধতিৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ নকৰিলে।

ফলত প্ৰতিটো বাৰিষাতে ডিব্ৰুগড়বাসীৰ নিদ্ৰাহৰণ হৈ আহিছে। এইবাৰ অৱশ্যে বাৰিষাৰ আগতেই এনেদৰে বিভিন্ন অংশত খহনীয়া সৃষ্টি হোৱাত স্বাভাৱিকতে সুৰক্ষা বান্ধলৈ ভাবুকি আহি পৰিছে।

অৱশ্যে কয়লাঘাটৰ ভয়ংকৰ খহনীয়া কিছু প্ৰতিৰোধ হয় যদিও শনিবাৰে পুনৰ সেই স্থানৰ নামনিত খহনীয়া হোৱাৰ লগতে সুৰক্ষা বান্ধটোক সুৰক্ষা দিয়া পাঁচ নম্বৰ স্পাৰটোৰ কিছু অংশ কালি খহাই নিয়াত ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধলৈ পুনৰ ভাবুকিৰ সৃষ্টি হৈছে।

প্ৰণিধানযোগ্য যে জলসম্পদ বিভাগে বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বিষয়ে সকলোতে ব্যাপক চর্চা হৈছে। আনকি খোদ জলসম্পদ বিভাগৰে ঠিকাদাৰ সন্থাই এই বিষয়ত সংবাদমেলৰ জৰিয়তে অভিযোগ আনিছিল।

অহা দুই-তিনি মাহৰ পাছতেই বাৰিষাই ভয়াৱহ ৰূপ ল’ব আৰু এতিয়াৰে পৰা যদি এনেদৰেই খহনীয়া অব্যাহত থাকে, তেন্তে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ প্ৰত্যাহ্বান অহাটো অৱধাৰিত।

Exit mobile version