HSLC Examination :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল !

পৰীক্ষাৰ বাতিলৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া,সদনত প্ৰশ্নকাকত ফাদিলক লৈ বিৰোধীৰ উত্তাল প্ৰতিবাদ,সদন স্থগিত,আমি দোষ মানি লৈছো, এনে কাম হ'ব নালাগিছিলঃ মন্ত্ৰী পিযুষ হাজৰিকা

WhatsApp Image 2023 03 13 at 12.29.33 1

HSLC Examination :

আজি অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত দেওবাৰে মাজনিশা ম’বাইল ম’বাইলে ভাইৰেল হোৱাৰ বাবে ছেবাই বাতিল কৰে বিজ্ঞান বিষয়ৰ পৰীক্ষা।
প্ৰশ্নকাকত ফাদিলৰ পাছতে সমগ্ৰ ৰাজ্যতে আছু সহ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। ছেবা কৰ্তৃপক্ষ আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷

আনকি প্ৰশ্নকাকত ফাদিলক লৈ আজি বিধানসভা মজিয়া উত্তাল কৰি তোলে কংগ্ৰেছ ,আই ইউ ডি এফ সহ সকলো বিৰোধী বিধায়ক সকল ৷

চলিত বৰ্ষৰ হাইস্কুল পৰীক্ষা আৰম্ভণিৰ পৰাই নানান বেমেজালিৰে সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ইংৰাজী বিষয়ৰ পৰীক্ষাও কাছাৰৰ দুটাকৈ পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিলক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যদিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইয়া নাকচ কৰিছিল ৷

কিন্ত দেওবাৰে নিশা পুনৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ আজি পুৱা সদনৰ কামকাজ আৰম্ভ হওতেই কংগ্ৰেছ আৰু আন আন বিৰোধী বিধায়ক নিজ নিজ আসনত থিয় হৈ শিক্ষামন্ত্ৰী আৰু ছেবাৰ দায়িত্বহীনতাক ধিক্কাৰ দি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷

আনকি কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছেৰমান আলীয়ে অধ্যক্ষৰ বাৰম্বাৰ সকীয়নিকো কেৰেপ নকৰট সদনত বহু সময় ধৰি হুলস্থূলীয়া অব্যাহত ৰখাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ছেৰমান আলীক মাৰ্চাল লগাই সদনৰ পৰা উলিয়াই দিয়ে ৷

আনহাতে সদনত বহু সময় ধৰি সদনত শাসক- বিৰোধীৰ হুলস্থূল অব্যাহত থকাত অধ্যক্ষই সদনৰ স্থগিত ঘোষণা কৰে ৷

ইপিনে প্ৰশ্নকাকত ভাইৰেল বিষয়ক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে , এয়া অতি গৰিহণা যোগ্য, যিয়ে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব।

ছাত্র-ছাত্রীক এই অৱস্থা যিয়ে কৰিছে তাৰ পাপ লাগিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে। লগতে কয় যে, সকলো বিষয়ৰে তদন্ত হ’ব, আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছো। চৰকাৰক ৱদনাম কৰিবলৈও এনে কাম কৰে ।

দুষ্ট চক্র জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে হাজৰিকাই। দোষ মানি লৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই ঘটনাৰ বাবে আমি দুখী আৰু আমি আমাৰ দোষ মানি লৈছো। এনে ভুল হ’ব নালাগিছিল।

মনকৰিবলগীয়া যে, বিজ্ঞানৰ প্ৰশ্নকাকত জাগুনত ফাদিল হোৱা বুলি সন্দেহ কৰিছে বিভিন্ন মহলে ৷
তিনিচুকীয়া আৰু ডিব্ৰুগড়ত ফাদিলৰ সন্দেহ কৰা হৈছে ৷

ছেবাৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আজি বাতিল হোৱা বিজ্ঞানৰ বিষয়ৰ পৰীক্ষা পুনৰ পাতিবলৈ সময় লাগিব পাৰে অন্তত ২০ দিন ৷

শেহতীয়া খবৰ অনুসৰি প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ সন্দৰ্ভত চি আই ডিৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

Exit mobile version