Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : কোনে কাৰ চকুত ধূলি দিছে !

publisher by publisher
March 13, 2023
in Opinion
Reading Time: 3 mins read
0
Opinion : কোনে কাৰ চকুত ধূলি দিছে !
2
SHARES
15
VIEWS
ShareShareShareShare

Opinion :

প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

যি ভোটাৰৰ ভোটেৰে ক্ষমতা দখল কৰে, পাছত সেই ভোটাৰৰে চকুত ধূলি দিয়াটো ভাৰতীয় ৰাজনীতিৰ এক আত্মঘাতী চৰিত্ৰত পৰিণত হৈছে। নেতাসকলে ভাষণত যিমানে পানী নসৰকা প্ৰতিশ্ৰুতি নিদিয়ক কিয়, কার্যক্ষেত্ৰত যে সকলো ফুটুকাৰ ফেন সেয়া স্পষ্ট হ’বলৈ অধিক সময়ৰ প্ৰয়োজন নহয়।

RelatedPosts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

খেল একেখনেই চলি থাকে, মাথোঁ সময়ে সময়ে খেলুৱৈসকল সলনি হয়। লগতে জাছিও শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিলে। একেদিনাই উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ধামখুমীয়াত ঐতিহাসিক আখ্যা দিয়া এই ৰায়ৰ বিষয়ে বিশেষ চৰ্চা নহ’ল; কিন্তু এই ৰায়ে কে’বাটাও দিশত যে চৰ্চাৰ বাট মুকলি কৰিলে তাত সন্দেহ নাই।

পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে নির্দেশ দিয়ে যে এতিয়াৰে পৰা ভাৰতৰ নিৰ্বাচন আয়ুক্তসকলক প্রধানমন্ত্রী, লোকসভাৰ বিৰোধী দলপতি অথবা সর্ববৃহৎ বিৰোধী দলৰ দলপতি আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰ দ্বাৰা গঠিত সমিতিৰ পৰামৰ্শক্ৰমেহে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব পাৰিব। নির্বাচন আয়োগ এগৰাকী মুখ্য নির্বাচন আয়ুক্ত আৰু দুগৰাকী আয়ুক্তৰ দ্বাৰা গঠিত।

এই পর্যন্ত এই আয়ুক্তসকলক কেন্দ্রীয় চৰকাৰেই এককভাৱে নিযুক্তি প্ৰদান কৰি আহিছে। দেশৰ নিৰ্বাচন আয়োগৰ ভূমিকা তথা কর্মপদ্ধতিক লৈ দীৰ্ঘদিন ধৰি বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে। চৰকাৰে নিৰ্বাচন আয়োগৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি অহাৰ ফলস্বৰূপে আয়োগে বিভিন্ন সময়ত শাসক পক্ষৰ সুবিধা হোৱাকৈ পক্ষপাতদুষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে।

যিহেতু নিযুক্তি আৰু কাৰ্যকাল সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল গতিকে নির্বাচন আয়ুক্তসকল চৰকাৰৰ বৰমূৰীয়াসকলৰ প্ৰতি একান্তই বাধ্য হোৱাটো অস্বাভাৱিক নহয়। অৱশ্যে একালত টি এন শেষাণে এক ব্যতিক্রমী চৰিত্ৰ দাঙি ধৰিছিল আৰু মুখ্য নির্বাচন আয়ুক্তৰ কৰ্তৃত্বও দেশবাসীৰ সন্মুখত নতুন ধৰণে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ পূৰ্বে অথবা পৰৱৰ্তী কালত তেনে আন এগৰাকী শক্তিশালী মুখ্য নির্বাচন আয়ুক্ত দেশে লাভ
কৰিবলৈ সক্ষম হোৱা নাই।

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দেশৰ শক্তিশালী ভেটিস্বৰূপ সংস্থাসমূহক দুর্বল কৰি পেলোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ উল্লেখিত ৰায়দানে তেনে অভিযোগক যেন অধিক ন্যায্যতা প্ৰদান কৰিলে। অধিবক্তা আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাই নির্বাচন আয়োগৰ দুৰ্বলতাসমূহ আঁতৰ কৰিবলৈ প্ৰাৰ্থনা জনাই পৃথকে পৃথকে দাখিল কৰা চাৰিখনকৈ আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে এই ৰায়দান কৰে।

আবেদনকাৰীসকলে আয়োগৰ নিযুক্তি প্রক্রিয়াত স্বচ্ছতাহীনতা, আয়ুক্তসকলৰ সেৱা বিধি আদিকে ধৰি কে’বাটাও বিষয়ত প্ৰত্যাহ্বান জনায়। দেশত অনুষ্ঠিত যিকোনো নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা, স্বচ্ছ আৰু নিৰপেক্ষতাৰে নিৰ্দিষ্ট সময়ত সম্পন্ন কৰাটো আয়োগৰ দায়িত্ব।

আবেদনকাৰীসকলে কয় যে নিৰ্বাচনৰ সময়ত আয়োগে শাসক পক্ষৰ সুবিধা হোৱাকৈ বিভিন্ন বিসংগতিপূর্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। দল তথা প্রার্থীভেদে আয়োগে আদর্শ নির্বাচনী আচৰণবিধিৰ বৈষম্যমূলক প্ৰয়োগ কৰিছে। তদুপৰি বিশেষ শ্ৰেণীৰ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ দৰে অনৈতিক কাৰ্যতো আয়োগ লিপ্ত হয় বুলি আবেদনকাৰী পক্ষই উল্লেখ কৰে।

লগতে নির্বাচন আয়ুক্তসকলৰ সেৱাবিধি সলনিৰো প্ৰাৰ্থনা জনোৱা হয়। উল্লেখ্য যে মুখ্য নির্বাচন আয়ুক্তক অপসাৰণৰ বাবে মহাভিযোগ উত্থাপন জৰুৰী, যেনেদৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অপসাৰণৰ ক্ষেত্ৰত প্ৰয়োজন। তদুপৰি এবাৰ নিযুক্তিৰ পাছত মুখ্য আয়ুক্তৰ সেৱাবিধি তেওঁৰ অসুবিধাজনক হোৱাকৈ সলনি কৰিব নোৱাৰি।

ইয়াৰ বিপৰীতে বাকী দুগৰাকী আয়ুক্তৰ ক্ষেত্ৰত তেনে কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নাই। কেৱল মুখ্য আয়ুক্তৰ পৰামৰ্শৰ ভিত্তিতে তেওঁলোকক অপসাৰণ কৰাটো সম্ভৱ। ইয়াৰ উপৰি আয়োগৰ বাবে লোকসভা সচিবালয়ৰ আৰ্হিত নিজাববীয়া এটি সচিবালয় স্থাপন আৰু তাৰ বাবে প্ৰয়োজনীয় বিষয়া-কৰ্মচাৰী নিয়োগ তথা বাজেট আদিৰ ব্যৱস্থা কৰি ইয়াক সম্পূর্ণ স্বতন্ত্র সংস্থাৰূপে গঢ়ি তোলাৰ পোষকতা কৰে।

আবেদনকাৰীসকলে, যাতে ই চৰকাৰৰ মুখাপেক্ষী হোৱাৰ প্ৰয়োজন নহয়৷ লক্ষ্যণীয়ভাৱে যোৱা বছৰৰ ২২ নৱেম্বৰত এই আবেদনসমূহৰ শুনানিৰ দিন ধার্য কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে বাংলাত যে কোৱা হয় ‘অতি চালাকৰ গলায় দড়ি’, তেনে এটি পদক্ষেপ গ্ৰহণ কৰি নিজৰেই মুখা খুলি পেলায়। সেই সময়ত ১৫ মে’ৰ পৰা ছমাহৰো অধিক দিন ধৰি খালী হৈ থকা নির্বাচন আয়ুক্তৰ এটি পদ উচ্চতম ন্যায়ালয়ে শুনানিৰ দিন ধার্য কৰাৰ লগে লগে মাত্র এদিনতে মানে ২৪ ঘণ্টাতকৈ কম সময়ত পূৰণ কৰে।

পঞ্জাৱ কেডাৰৰ ১৯৮৫ বৰ্ষৰ আইএএছ বিষয়া তথা ভাৰত চৰকাৰৰ তদানীন্তন গুৰু উদ্যোগ মন্ত্রণালয়ৰ সচিব অৰুণ গোৱেলে হঠাতে ১৮ নৱেম্বৰত স্বেচ্ছা অৱসৰৰ আবেদন দাখিল কৰে। তেওঁৰ অৱসৰৰ দিন আছিল ২০২২ৰ ৩১ ডিচেম্বৰহে।

আশ্চৰ্যকৰভাৱে ১৮ নৱেম্বৰৰ দিনাই তেওঁৰ স্বেচ্ছা অৱসৰৰ আবেদন গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে গোৱেলৰ নাম সাঙুৰি নিৰ্বাচন আয়ুক্ত পদৰ বাবে চাৰিজনীয়া এখন তালিকা প্রস্তুত কৰে। চৰকাৰী বিষয়াৰ স্বেচ্ছা অৱসৰৰ আবেদন গ্ৰহণৰ বাবে প্রয়োজনীয় তিনিমাহ সময় অপেক্ষাৰ নিয়মো এই ক্ষেত্ৰত উলংঘা কৰা হয়।

সেই একেদিনাই বিদ্যুতৰ গতিত ফাইল দৌৰিবলৈ লয় আৰু আনকি প্ৰধানমন্ত্ৰীৰো অনুমোদন লাভ কৰে। দৰাচলতে অহা ২০২৫ৰ ফেব্ৰুৱাৰীত বৰ্তমানৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকাল শেষ হোৱাৰ পাছত উক্ত পদত নিযুক্তি প্ৰদানৰ লক্ষ্যৰেই কেন্দ্ৰৰ বৰমূৰীয়াসকলৰ বিশেষ ঘনিষ্ঠ তথা অনুগ্ৰহপ্ৰাপ্ত গোৱেলক আয়ুক্ত পদত নিয়োগ কৰা হয়।

সর্বোচ্চ ন্যায়ালয়ে নির্বাচন আয়োগক চৰকাৰৰ কৰ্তৃত্বৰ পৰা মুকলি কৰি সম্পূৰ্ণৰূপে স্বতন্ত্র কৰিবলৈ নিৰ্দেশ দিব পাৰে বুলি অনুমান কৰিয়েই যে কেন্দ্ৰৰ এনে খৰখেদা সেয়া বুজিবলৈ অসুবিধা নহয়। কিন্তু চৰকাৰৰ এই প্ৰক্ৰিয়া আইন অনুসৰি সম্পন্ন হোৱা নাই বুলি উল্লেখ কৰি ইয়াৰ আঁৰত অনৈতিক উদ্দেশ্য থকা বুলি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে অসন্তুষ্টি প্রকাশ কৰে।

যদি গোৱেলে নিৰ্বাচন আয়ুক্তৰূপে নিযুক্তি লাভ কৰিব বুলি চৰকাৰৰ পৰা নিশ্চিত লাভ কৰা নাছিল, তেন্তে তেওঁ সেইদিনাই কিয় স্বেচ্ছা অৱসৰ বিচাৰি আবেদন কৰিলে বুলি বিচাৰপীঠে প্রশ্ন উত্থাপন কৰে। ১৮ নৱেম্বৰ আছিল শুকুৰবাৰ।

তাৰ পাছৰ দুদিন চৰকাৰী বন্ধ। গতিকে সেইদিনাই সম্পূৰ্ণ ফাইল প্ৰস্তুত কৰি তেওঁক নিযুক্তি দিয়া হয় আৰু ২২ নৱেম্বৰ, মঙলবাৰে বিচাৰপীঠে শুনানি গ্ৰহণৰ এদিন পূৰ্বে ২১ নৱেম্বৰ, সোমবাৰে গোৱেলে নির্বাচন আয়ুক্তৰূপে যোগদান কৰে। এনে অভূতপূর্ব তৎপৰতাৰ আঁৰত অসৎ উদ্দেশ্য প্রণোদিত চালাকি নিহিত হৈ আছে বুলিও বিচাৰপীঠে সন্দেহ প্ৰকাশ কৰাটো লক্ষ্যণীয়।

ন্যায়ালয়ত এই সম্পৰ্কীয় আবেদনৰ শুনানি চলাৰ সময়তে এনেদৰে আয়ুক্ত এগৰাকীক নিযুক্তি প্ৰদান কৰাটো উচিত নহয় বুলি ইয়াক প্ৰত্যাহ্বান জনায় আবেদনকাৰীয়ে। ভাৰতীয় সংবিধানৰ ৩২৪ (২) অনুচ্ছেদে নির্বাচন আয়ুক্ত নিযুক্তিৰ সম্পৰ্কত আইন প্রণয়নৰ বাবে চৰকাৰক সুযোগ দিছে যদিও সেয়া হৈ নুঠা বাবে চৰকাৰক এই সম্পর্কত স্পষ্ট নিদের্শনা দিবলৈ আবেদনকাৰী পক্ষই বিচাৰপীঠত যুক্তি দাঙি ধৰে।

লগতে সেয়া হৈ নুঠা পর্যন্ত অন্তৱৰ্তী ব্যৱস্থাৰূপে এক স্বতন্ত্র সমিতিৰ জৰিয়তে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ পোষকতা কৰে। তেওঁলোকে যুক্তি দাঙি ধৰে যে আয়ুক্ত দুগৰাকীকো মুখ্য আয়ুক্তৰ সমানেই পদ আৰু সেৱা বিধিৰ সুৰক্ষা প্ৰদান কৰিব লাগে ৷ তিনিজনীয়া নির্বাচন আয়োগে যিহেতু সংখ্যাগৰিষ্ঠতাৰ সন্মতিৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰে, সেয়ে এনে সুৰক্ষা অবিহনে মুখ্য আয়ুক্তৰ সিদ্ধান্তৰ স’তে দ্বিমত প্ৰকাশ কৰিবলৈ তেওঁলোকে সাহস নকৰিব।

ইতিপূর্বে মুখ্য নির্বাচন আয়ুক্ত আৰু প্ৰকাৰান্তৰে চৰকাৰৰ সিদ্ধান্তত সহমত পোষণ নকৰা আয়ুক্তই তাৰ ফল ভুগিবলগীয়া হোৱাৰ দৃষ্টান্ত আছে।কেন্দ্ৰীয় চৰকাৰে অৱশ্যে আবেদনসমূহৰ বিৰোধিতা কৰি কয় যে সংবিধানৰ ব্যৱস্থা অনুসৰি মুক্ত আৰু নিৰপেক্ষভাৱেই বৰ্তমানৰ নিৰ্বাচন আয়োগৰ নিযুক্তি প্রক্রিয়া চলি আছে। তদুপৰি আয়ুক্তসকলৰ কাৰ্যকাল আৰু সেৱাবিধি ১৯৯১ৰ এক আইন অনুসৰি বিধিবদ্ধ কৰা হৈছে।

সেই সময়ত যিহেতু সংসদে নির্বাচন আয়ুক্তসকলৰ নিযুক্তিক লৈ আইন প্রণয়ন নকৰিলে, গতিকে ন্যায়ালয়ে সংসদৰ ইচ্ছাক প্রশ্ন কৰিব নোৱাৰে বুলি কেন্দ্ৰই বক্তব্য দাঙি ধৰে। উভয় পক্ষৰ যুক্তি-তৰ্কৰ পাছত বিচাৰপীঠে ওপৰত উল্লেখিত তিনিজনীয়া সমিতিৰ পৰামৰ্শৰ ভিত্তিত নির্বাচন আয়ুক্তসকলক নিযুক্তিৰ ৰায় দিয়ে। লগতে সংসদে এই সম্পর্কত এখন আইন প্রণয়ন নকৰা পর্যন্ত এনে ব্যৱস্থা অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে।

সংবিধান ৰচনাৰ সময়ত সংবিধান সভাত হোৱা চৰ্চাসমূহৰ বিশ্লেষণ কৰি বিচাৰপীঠে এই মতত উপনীত হয় যে সংবিধান নির্মাতাসকলে নির্বাচন আয়ুক্তসকলৰ নিযুক্তিৰ ক্ষেত্ৰত কেৱল কাৰ্যপালিকাৰ ওপৰতে দায়িত্ব অর্পণৰ পৰিৱৰ্তে সংসদৰ দ্বাৰা আইন প্রণয়নৰ পোষ কৰিছিল।

লক্ষ্যণীয়ভাৱে বিচাৰপীঠে এইদৰেও মন্তব্য কৰে যে এনে এখন আইন প্রণয়ন নকৰাৰ আঁৰত ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলৰ ন্যস্ত স্বার্থ জড়িত থাকে।বিচাৰপীঠে লগতে কয় যে ৰাজনীতিত অপৰাধী আৰু ধনবলৰ দৌৰাত্ম্য বৃদ্ধি পাইছে আৰু সংবাদ মাধ্যমো নিৰ্লজ্জভাৱে পক্ষপাতদুষ্ট হৈ পৰিছে। সেয়েহে নির্বাচন আয়ুক্তসকলৰ নিয়োগৰ বাবে এক নিৰপেক্ষ ব্যৱস্থাৰ প্ৰয়োজন আছে বুলি বিচাৰপীঠে বিশ্বাস কৰে।

এনে পৰিপ্ৰেক্ষিতত আইন প্রণয়ন নোহোৱা পৰ্যন্ত তিনিজনীয়া কমিটী গঠন কৰা হয়। অৱশ্যে সংবিধানৰ ৩২৪ (৫) অনুচ্ছেদৰ উল্লেখ কৰি বিচাৰপীঠে আয়ুক্ত দুগৰাকীক মুখ্য আয়ুক্তৰ সমপৰ্যায়ৰ সুৰক্ষা প্ৰদানৰ আবেদন নাকচ কৰে। কিয়নো উল্লেখিত অনুচ্ছেদত মুখ্য নির্বাচন আয়ুক্তকহে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰে সুৰক্ষা প্ৰদানৰ পোষকতা কৰা হৈছে।

আনহাতে, নির্বাচন আয়োগৰ বিষয়া-কৰ্মচাৰী নিয়োগ তথা বিত্ত যোগানৰ বিষয়টো এক নীতিগত বিষয় বুলি এই সম্পর্কত কোনো ধৰণৰ সিদ্ধান্ত দিয়াৰ পৰিৱৰ্তে ইয়াক সংসদৰ এক্টিয়াৰলৈ ঠেলি দিয়ে। অৱশ্যে আয়োগৰ বিত্তীয় উৎস বন্ধ কৰি ইয়াৰ স্বাধীন পৰিচালনা যাতে চৰকাৰে বাধাগ্রস্ত কৰিব নোৱাৰে, তাক সুনিশ্চিত কৰিবলৈ দেশৰ একত্ৰিকৃত নিধিৰ পৰা নিৰ্বাচন আয়োগৰ সমস্ত ব্যয় ধার্য কৰিবলৈ ৰায়ত উল্লেখ কৰে।

লগতে আয়োগৰ এক স্থায়ী সচিবালয় স্থাপনৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰক আহ্বান জনায়।এই আবেদনসমূহৰ শুনানি তথা ৰায়দানৰ লগে লগে অনুগ্রহপ্রাপ্ত বিষয়া নিয়োগৰ জৰিয়তে নির্বাচন আয়োগক হাতৰ মুঠিত ৰাখি নিজস্ব সুবিধা অনুসৰি ৷ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা চক্রান্ত স্বয়ং সর্বোচ্চ ন্যায়ালয়তে ওলাই পৰিল ৷ কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ধৰা পৰি যোৱাৰ পাছতো এই সম্পর্কত কোনো প্রতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকাটো লক্ষ্যণীয়।

এনে পৰিপ্ৰেক্ষিতত সততে আন দলৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ তথা স্বজন-তোষণৰ অভিযোগ উত্থাপন কৰি অহা বিজেপি চৰকাৰে নিজৰ সততাৰ প্ৰমাণ দিয়াত লজ্জাজনকভাৱে ব্যৰ্থ হ’ল।
একেদৰেই দুৰ্নীতিৰ অভিযোগৰ ক্ষেত্ৰতো কোনো পৃথক ছবি দাঙি ধৰিব পৰা নাই। আদানী গোষ্ঠীৰ বিৰুদ্ধে লক্ষ লক্ষ কোটি টকাৰ দুৰ্নীতি-অনিয়মৰ তথ্য প্রকাশ পালে যদিও চৰকাৰে তাৰ কোনো ধৰণৰ তদন্ত কৰিবলৈ সন্মত নহ’ল। পাছত যেনিবা উচ্চতম ন্যায়ালয়েহে এনে কেলেংকাৰিৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰি দিবলগীয়া হয়।

একেদৰে সদ্য নির্বাচন অনুষ্ঠিত মেঘালয়ত বিজেপিৰ এনে চৰিত্ৰৰ শেহতীয়া প্ৰতিফলন স্পষ্ট হয়। বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ শাসক দল এনপিপি আৰু সহযোগী বিজেপিয়ে মিত্ৰতা ভংগ কৰি পৰস্পৰৰ বিৰুদ্ধে নিজাববীয়াকৈ যুঁজত অৱতীৰ্ণ হয়। নির্বাচনী প্রচাৰৰ সময়ছোৱাত অন্যান্য বিজেপি নেতাৰ কথাই নাই, স্বয়ং প্রধানমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্রীয়েও এনপিপি চৰকাৰৰ বিৰুদ্ধে ব্যাপকভাৱে সৰৱ হয়।

কেৱল দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ অভিযোগ উত্থাপনতে ক্ষান্ত নাথাকি মুখ্যমন্ত্রী তথা এনপিপিৰ মুৰব্বী কনৰাড চাংমাৰ কাৰ্যকালত দেশৰ আটাইতকৈ পিছপৰা ৰাজ্যসমূহৰ ভিতৰত মেঘালয়ো অন্যতম বুলি
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রতিবেদনৰ উদ্ধৃতিৰে মন্তব্য কৰে।

সকলো চৰকাৰী পুঁজি তথা সা-সুবিধাৰ দ্বাৰা কেৱল ৰাজ্যখনৰ দুটিমান পৰিয়ালহে উপকৃত হৈছে বুলি চাংমাক কটাক্ষ কৰা হয়। এনপিপি চৰকাৰৰ ব্যৰ্থতাৰ বাবেই মেঘালয় দিনে দিনে পিছপৰি গৈছে বুলিও বিজেপি নেতাসকল সৰৱ হয়। অথচ নিৰ্বাচনৰ কিছুদিন আগলৈকে চাংমা চৰকাৰৰ অংশীদাৰ আছিল বিজেপিও। লক্ষ্যণীয় যে বিপুল ধন-জনৰ ব্যয়ৰ জৰিয়তে বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত মেঘালয়ৰ
৬০টা সমষ্টিতে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয় যদিও ই কেৱল প্ৰচাৰৰ চমকতে সীমাবদ্ধ থাকিবলগীয়া হয়; কিয়নো ৰাজ্যখনত বিগত নিৰ্বাচনৰ দৰেই মাত্ৰ দুখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ পূৰ্বতকৈ হ্ৰাসহে পায়।

ইয়াৰ বিপৰীতে এনপিপিয়ে সংখ্যাগৰিষ্ঠতাৰ পৰা সামান্য আঁতৰত থাকিলেও পূৰ্বতকৈ ছখন অধিক আসন লাভ কৰে। এনে পৰিপ্ৰেক্ষিততে ভোটগণনা সম্পন্ন হোৱাৰ পূৰ্বেই বিজেপিয়ে এনপিপিক সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে আৰু নতুন চৰকাৰত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ লগে লগে বিজেপিৰ দুমুখীয়া চৰিত্ৰ পুনৰবাৰ দেশবাসীৰ সন্মুখত স্পষ্ট হৈ পৰে। যি এনপিপিৰ চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে দুর্নীতি-ভ্ৰষ্টাচাৰ-স্বজন তোষণ-ব্যৰ্থতা আদিৰ এশ এটা অভিযোগ উত্থাপন কৰি আছিল, সেই দলৰ স’তেই চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি আহি বিজেপিয়ে কি বাৰ্তা প্ৰেৰণ কৰিলে?

ইয়াৰ অৰ্থ এয়ে নহয় জানো যে বিজেপিৰ স’তে থাকিলেই সকলো পৰিস্কাৰ, অন্যথা জেল যাত্রা অৱধাৰিত! এনেদৰেই এটাৰ পাছত আনটো বিষয়ত সাধাৰণ জনতাৰ চকুত ধূলি দি বিজেপিয়ে ক্ষমতা এদনীয়া কৰিবলৈ কোনো অপচেষ্টাই এৰি দিয়া নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d