Seba :ছেবাই ঘোষণা কৰিলে বাতিল হোৱা মেট্ৰিক পৰীক্ষাৰ তাৰিখ

বাতিল হোৱা সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব,গনিৰগ্ৰামৰ জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাতিল কৰা ইংৰাজী পৰীক্ষা ২৮ মাৰ্চত হ'ব,

WhatsApp Image 2023 03 13 at 16.28.47

Seba :

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত দেওবাৰে নিশা ম’বাইলে ম’বাইলে ভাইৰেল হোৱাৰ পাছত নিশাই ছেবাই উল্লিখিত পৰীক্ষা বাতিল কৰিছিল ৷ ইয়াৰ পাছতে আছু সহ বিভিন্ন সংগঠনে শিক্ষামন্ত্ৰী আৰু ছেবাৰ বিৰুদ্ধে সৰব হৈ পৰে ৷

আজি দুপৰীয়াভাগত ছেবাই এক বিজ্ঞপ্তি যোগে ৩০ মাৰ্চত বাতিল হোৱা বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে ৷

উল্লেখ্য যে,পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ আজি অসম বিধান সভাতো বিৰোধী দল সমূহে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগো দাবী কৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷

এনে ঘটনাক্ৰমৰ মাজতে আজি ছেবাই গুৱাহাটীস্থ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি ৩০ মাৰ্চত বাতিল হোৱা বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ৷

আনহাতে টুইটযোগে বিজ্ঞানৰ পৰীক্ষা দিন ঘোষণা কৰা কথা সদৰি কৰে শিক্ষামন্ত্ৰীয়ে

Exit mobile version