Elon Musk :
আর্থিক সংকটৰ পৰিপ্ৰেক্ষিতত দেউলীয়া হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়াৰ ছিলিকন ভেলী বেংক (এছভিবি) ক্রয় কৰিব বিচাৰিলে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কে।
টুইটাৰত এই সন্দৰ্ভত এক টুইটত মাস্কে ছিলিকন ভেলী বেংক ক্ৰয়ৰ বাবে ইচ্ছা প্ৰকাশ কৰিলে। প্রযুক্তি নিৰ্ভৰ নতুন কোম্পানী প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম প্রধান বেংক হিচাপে পৰিচিত হৈছিল এছভিবি। শেহতয়াকৈ এই বেংকৰ নিয়ন্ত্ৰণৰ দায়িত্ব ফেডাৰেল ডিপ’জিট ইঞ্চৰেন্স কৰ্প’ৰেচনে গ্ৰহণ কৰিছিল।
সেই সময়তে মাস্কক এই বেংকটো ক্ৰয়ৰ বাবে পৰামৰ্শ দিছিল গেমিং ডিভাইচ প্রতিষ্ঠান ৰেজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া মিন-লিয়াং টানে। টানৰ পৰামৰ্শলৈ সঁহাৰি জনাই টুইটত মাস্কে এইদৰে লিখিছিল, ‘মই এই বিষয়ত আলোচনাৰ বাবে আগ্রহী।’
উল্লেখ্য যে ১৯৮৩ বৰ্ষত প্রতিষ্ঠিত এভিবিৰ আৰম্ভণিতে নাম কেলিফর্ণিয়া বেংক আছিল। যোৱা দশকত এই বেংকৰ সৰ্বাধিক বিস্তাৰ ঘটিছিল যদিও হঠাতে আমেৰিকাৰ আগশাৰীৰ বেংকটো অৰ্থসংকটৰ ফলত দেউলীয়া হ’ল।






























