Guwahati Aasu Protest : ছেবাৰ অকমন্যতাৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ বৃহৎ সমদল

ৰাজপথৰ দাঁতিত উলমাই থলে শিক্ষামন্ত্ৰী,ছেবাৰ সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ প্ৰতিকৃতি

1edfc26c 22e6 4374 9a92 6db89e32955b 1

Guwahati Aasu Protest :

মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত দেওবাৰে নিশা ভাইৰেল হোৱা পাছত নিশাই ছেবাই পৰীক্ষা বাতিল কৰে পৰীক্ষা ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে আছু সহ বিভিন্ন দল -সংগঠন ৷

আজি ৰাজ্যজুৰি আছুৰ আহ্বানত জিলা ছাত্ৰ সন্থা সমূহে শিক্ষামন্ত্ৰী আৰু ছেবাৰ চৰম দায়িত্বহীনতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

গুৱাহাটী মহানগৰীটো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই চানমাৰি উৰণীয়া সেঁতুৰ সমীপৰ পৰা ছেবা কাৰ্যালয়লৈ এক প্ৰতিবাদী বৃহৎ সমদল বাহিৰ কৰে ৷ আনকি প্ৰতিবাদী আছুকৰ্মী সকলে পদপথৰ কাষত শিক্ষামন্ত্ৰী,ছেবাৰ সচিব আৰু পৰী নিয়ন্ত্ৰকৰ প্ৰতিকৃতি উলিয়াই ছেবা গ’ বেক ধ্বনিৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

প্ৰতিবাদী আছু নেতাৰ মন্তব্য ,শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে ছেৱা আৰু শিক্ষামন্ত্ৰীয়ে ৷ এনে ক্ষেত্ৰত প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ সন্দৰ্ভত নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী,ছেবাৰ সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ পদত্যাগৰ দাবী তোলে ৷

Exit mobile version