Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

publisher by publisher
March 14, 2023
in Opinion
Reading Time: 3 mins read
0
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
1
SHARES
12
VIEWS
ShareShareShareShare

Opinion :

প্রাঞ্জলসেন ডেকা

প্ৰকৃতিৰ ওপৰত চলি অহা নির্মম অত্যাচাৰৰ ফলশ্ৰুতিত পৃথিৱীখন যে এক অনিবার্য বিপৰ্যয়ৰ দিশে আগবাঢ়িছে, সেই বিষয়ে অৱগত হোৱাৰ পাছতো মানৱ জাতিয়ে ইয়াক উপেক্ষা কৰাটো আশ্চৰ্যকৰ। মানুহৰ অন্তহীন ক্ষুধাই পৰিৱেশতন্ত্ৰক ক’লৈ ঠেলি দিছে, তাৰ প্ৰমাণ সময়ে সময়ে দি আহিছে। নিত্য নতুন প্রাকৃতিক বিপর্যয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

ADVERTISEMENT

অসম তথা ভাৰতৰ দৰে প্ৰাকৃতিকভাৱে সংবেদনশীল অঞ্চলত যে আশংকা আৰু অধিক ভয়াৱহতাৰ উল্লেখ নিষ্প্রয়োজন। শেহতীয়াভাৱে উত্তৰাখণ্ডৰ চামোলী জিলাৰ যোশীমঠত হোৱা ভূমিস্খলনৰ ঘটনাই এনে ভাবুকিৰ ভয়াৱহতাকে দাঙি ধৰিছে। ইয়াৰ উপৰি আকৌ ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুর্যোগৰ ঘটনাসমূহ আছেই। এই কথা ঠিক যে এয়া আৰম্ভণিহে।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

পৰিবেশবিদসকলে সকীয়াই দি আহিছে যে হিমালয়ৰ পাদদেশৰ অঞ্চলত আকস্মিক বানপানী, ডাৱৰ বিস্ফোৰণ অথবা ভূমিস্খলনৰ দৰে ঘটনাৰ মূল কাৰণ হৈছে— পৰিৱেশ সংবেদনশীল এনেবোৰ অঞ্চলত মানুহৰ জনসংখ্যা বৃদ্ধি, বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ তথা হিমালয়ৰ ভংগুৰতা আদি।

এনেবোৰ কাৰণতে যোশীমঠৰ পথ, গৃহ, পথাৰ আদিত বৃহৎ বৃহৎ ফাটৰ সৃষ্টি হৈছে আৰু অঞ্চলটো তললৈ বহি গৈছে। ফলস্বৰূপে নগৰখনক ইতিমধ্যে বিপজ্জনক ঘোষণা কৰি ইয়াৰ বাসিন্দাসকলক নিজ নিজ গৃহৰ পৰা চৰকাৰী সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠান (ইছৰ’)এ উপগ্ৰহৰ দ্বাৰা সংগ্ৰহ কৰা ফটোত দেখা গৈছে যে মাত্র ১২ দিনতে যোশীমঠ নগৰৰ ৫.৪ চেণ্টিমিটাৰ স্খলন ঘটিছে।

লক্ষ্যণীয় যে নগৰখন ভূমিকম্প প্ৰৱণ অঞ্চলৰ এঢলীয়া পাহাৰুৱা স্থানত গঢ়ি উঠিলেও ই তললৈ বহি যোৱাৰ কাৰণ হৈছে, তাত গ্ৰহণ কৰা বৃহৎ পৰিসৰৰ উন্নয়নমূলক প্রকল্পসমূহ। পৰ্যটন খণ্ড, কৃষি আৰু জলবিদ্যুৎ প্রকল্পৰ সম্প্ৰসাৰণৰ লগে লগে হিমালয়ৰ পাদদেশৰ অঞ্চলটোত বতৰৰ ক্ষতিকাৰক পৰিঘটনা বৃদ্ধি পাবলৈ লৈছে।

জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বৰষুণৰো ঘনত্ব, তীব্ৰতা আৰু বিতৰণৰ পৰিৱৰ্তন ঘটিছে। লগতে বৰষুণৰ পৰিমাণ আৰু সময়ৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন দৃষ্টিগোচৰ হৈছে। উদাহৰণস্বৰূপে শেহতীয়াভাৱে ছেপ্টেম্বৰ-অক্টোবৰত হিমালয় অঞ্চলত যথেষ্ট ডাৱৰ বিস্ফোৰণৰ ঘটনা ঘটিবলৈ লৈছে; অথচ সেই সময়লৈ সাধাৰণতে বাৰিষা কাল শেষ হয় আৰু তেনে ধৰণৰ ঘটনা ঘটিব পাৰে বুলি ধাৰণা কৰাও নাযায়; অথচ সম্প্রতি এনে অঘটন সুলভ হৈ পৰিছে।

অকল সেয়ে নহয়, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ সংকুচিত হোৱাৰ লগে লগে হিমালয়কে ধৰি বিশ্বৰ বিভিন্ন অঞ্চলত হিমবাহৰ হ্ৰদৰ সংখ্যা তথা আকাৰ বৃদ্ধি পাইছে। এনে হিমবাহ গলি বৃহৎ পৰিমাণৰ পানী হ্ৰদলৈ বৈ অহাৰ ফলত আকস্মিকভাৱে হ্ৰদৰ পানীৰ বিস্ফোৰণ সদৃশ ঘটে আৰু প্ৰৱল বানপানীৰ সৃষ্টি হয়।

সম্প্ৰতি এনে ধৰণৰ ঘটনা বৃদ্ধিয়ে ভাৰতৰ কমেও ৩০ লক্ষ লোকলৈ গভীৰ আশংকা কঢ়িয়াই আনিছে। যোৱা ২০২১ ৰ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ চামোলী জিলাতে হিমবাহৰ বিস্ফোৰণৰ ফলত হোৱা বানপানীত কমেও ৮০ জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি বহু লোক সন্ধানহীন হয়। এনেবোৰ বিপৰ্যয়ৰ মাজতো কিন্তু অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নৰ নামত বিভিন্ন ধৰণৰ বৃহৎ নির্মাণকার্য অব্যাহত আছে।

সেয়েহে নির্মীয়মান ‘চাৰ ধাম’ প্রকল্পক লৈও যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। উত্তৰাখণ্ডৰ এই প্ৰকল্পৰ লক্ষ্য হৈছে যমুনোত্রী, গংগোত্রী, কেদাৰনাথ আৰু বদ্রীনাথৰ তীৰ্থস্থানলৈ বছৰৰ সকলো সময়তে ভ্ৰমণ কৰিব পৰা পথ যোগাযোগ উন্নত কৰি তোলা। এই প্রকল্পত অন্যান্য সা-সুবিধাৰ লগতে নশ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম জড়িত হৈ আছে। পৰিৱেশতন্ত্ৰ আৰু স্থানীয় জনগোষ্ঠীসমূহৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱৰ আশংকাক লৈ এই প্রকল্প পৰিবেশবিদসকলৰ দ্বাৰা সমালোচিত হৈছে।

এনে ভংগুৰ পার্বত্য পৰিবেশতন্ত্রত ঘাইপথ নির্মাণে অঞ্চলটোত ভূমিস্খলনকে ধৰি অন্যান্য বিপৰ্যয়ৰ অধিক পথ মুকলি কৰিব বুলি পৰিবেশবিদসকলে সতর্ক কৰি দিছে। দেশবাসীৰ বাবে প্রয়োজনীয় গণ্য কৰিলেও ইয়াক নিৰ্মাণৰ সময়ত পৰিবেশগত দিশসমূহৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি ক্ষয়-ক্ষতি পাৰ্যমানে হ্ৰাসৰ ব্যৱস্থা হাতত ল’ব লাগিব৷ উল্লেখ্য যে নগৰ স্থাপনৰ বাবে যোশীমঠ উপযুক্ত স্থান নহয় বুলি ১৯৭৬ তে চৰকাৰৰ দ্বাৰা নিয়োজিত মিশ্র কমিটীয়ে প্রতিবেদন দাখিল কৰিছিল।

লগতে সেই অঞ্চলত যিকোনো ধৰণৰ বৃহৎ নির্মাণ কাৰ্য নিষিদ্ধ কৰিবলৈকো পৰামৰ্শ দিছিল;কিন্তু তেনে পৰামৰ্শলৈ কাণসাৰ কৰা নহ’ল। বিগত কালছোৱাত এই নগৰ হেজাৰ হেজাৰ পৰ্যটক তথা তীৰ্থযাত্ৰীৰ বাবে ব্যস্ত দুৱাৰমুখ স্বৰূপ হৈ পৰে আৰু চৌদিশে নিৰ্মাণ কাৰ্যৰ ধুম উঠে।

হিমালয় পর্বত আৰোহণ, বদ্রীনাথ, হেমকুণ্ড চাহিবৰ দৰে তীৰ্থস্থানৰ উপৰি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ফুলৰ উপত্যকালৈ যাত্ৰাৰ বাবে এই যোশীমঠেই দুৱাৰমুখ স্বৰূপ হৈ আহিছে। চৰকাৰী তথ্য অনুসৰিয়ে যোৱা সপ্তাহলৈকে যোশীমঠৰ কমেও ৮৬৮ টা গৃহত বৃহৎ ফাট মেলিছে । তদুপৰি ৰাস্তা-ঘাট অথবা খালী স্থানত মেলা ফাটবোৰ দিন যোৱাৰ লগে লগে অধিক বৃহৎ হৈছে।

বেচৰকাৰী তথ্য অনুসৰি অৱশ্যে ক্ষয়-ক্ষতিৰ পৰিমাণ অধিক। সম্প্রতি নগৰখনৰ এনে ক্ষতিগ্রস্ত 24৩ টা পৰিয়ালৰ নশ সদস্যই চৰকাৰী সাহায্য শিবিৰত আশ্রয় ল’বলগীয়া হৈছে। চৰকাৰে ইতিমধ্যে পাঁচ কোটিৰো অধিক টকা ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ মাজত সাহায্যৰূপে বিতৰণ কৰিছে যদিও সেয়া তেনেই সামান্য বুলি অসন্তুষ্টিৰ সৃষ্টি হৈছে।

কিয়নো এই বিপৰ্যয়ৰ ফলত যোশীমঠৰ বাসিন্দাসকলে কোটি কোটি টকাৰ আৰ্থিক লোকচানৰতো সন্মুখীন হৈছেই, তাৰ উপৰি নিজৰ ঘৰ-বাৰী, ব্যৱসায়-বাণিজ্য এৰি সম্পূৰ্ণ অনিশ্চয়তাত দিন কটাবলগীয়া হৈছে। আগন্তুক দিনত এই পৰিয়ালসমূহে অধিক সংকটৰ সন্মুখীন হ’বলগীয়া হোৱাটো নিশ্চিত হৈছে। ইয়াৰ ফলত ক্ষতিগ্রস্ত বহুতেই মানসিকভাৱে অসুস্থ হৈ পৰিছে। চকুৰ সমুখত অন্ধকাৰাচ্ছন্ন ভৱিষ্যৎ দেখি সেইসকল লোক নিদ্রাহীনতাত ভুগিছে।

গভীৰ উদ্বেগ আৰু হতাশাই অনবৰতে খুলি খুলি খাইছে। পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছে যে চৰকাৰে সেইসকল লোকৰ মানসিক ৰোগৰ চিকিৎসাৰ বাবে মনোৰোগ চিকিৎসকৰ দল নিয়োগ কৰিবলগীয়া হৈছে। যোশীমঠৰ এই বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত হিমালয়ৰ পাদদেশৰ অঞ্চলত বৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ প্ৰসংগক লৈও গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে।

বোঁৱতী পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰা হেতুকে ইয়াক সেউজ শক্তি আখ্যা দিয়া হৈছে; কিয়নো ই কোনো প্ৰদূষিত পদার্থ নিঃসৰণ নকৰে আৰু ক্ষতিকাৰক ইন্ধনৰো প্ৰয়োজন নহয়৷ সেয়েহে জলবিদ্যুৎ উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে; কিন্তু এনে বৃহৎ প্রকল্প স্থাপনে পৰিবেশৰ ওপৰত গুৰুতৰ বিৰূপ প্ৰভাৱ পেলাইছে আৰু স্থানীয় বাসিন্দাসকলকো ক্ষতিগ্রস্ত কৰিছে।

জলবিদ্যুৎ প্রকল্পৰ বাবে নির্মিত বৃহৎ বান্ধে বিভিন্ন স্থানত তাৰ বাসিন্দাসকলক বিতাড়িত কৰাতে ক্ষান্ত নাথাকি মৎস্যকুল আৰু বন্যপ্রাণী নিঃশেষ কৰিছে। এনেবোৰ প্ৰকল্প পৰিচালনাৰ ব্যৱস্থা আৰু অন্যান্য আনুসংগিক নির্মাণ কাৰ্যয়ো পৰিবেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকাৰ সৃষ্টি কৰে।

ভাৰতৰ উপৰি চীন, নেপাল, ভূটান আৰু পাকিস্তান আদি দেশে হিমালয়ৰ পাদদেশৰ অঞ্চলত ইতিমধ্যে বৃহৎ জলবিদ্যুৎ প্রকল্প গঢ়ি তুলিছে অথবা তাৰ বাবে যো-জা চলাই আছে। দক্ষিণ এছিয়াৰ এই দেশসমূহৰ বাবে হিমালয় পর্বত পানীৰ এক বৃহৎ আৰু অন্যতম প্রধান উৎস। ভাৰত চৰকাৰে ইতিমধ্যে জলবিদ্যুতক নবীকৰণযোগ্য শক্তিৰ মূল উৎসৰূপে চিহ্নিত কৰি দেশৰ বিভিন্ন স্থানত প্ৰকল্প স্থাপন কৰিছে আৰু নির্মাণ কার্য চলাই আছে।

ইয়াৰে নামনি সোৱণশিৰি আৰু ছিকিমৰ তীস্তাকে ধৰি হিমালয়ৰ পাদদেশত জলবিদ্যুৎ প্রকল্পৰ কাম পূৰ্ণগতিত অব্যাহত ৰাখিছে। লগতে আন বহুকেইটা প্ৰকল্পৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিছে। ইতিমধ্যে এনেবোৰ প্ৰকল্পৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ আশংকা তথা নামনি অঞ্চলসমূহৰ সুৰক্ষাৰ দাবীত অসমত দীঘলীয়া প্রতিবাদ-আন্দোলন আদি ৰাজ্যবাসীয়ে দেখিছে।

অৱশ্যে তেনে প্রতিবাদকাৰী দল-সংগঠনবোৰক বিভিন্ন উপায়েৰে সংশ্লিষ্ট কর্তৃপক্ষই বশ কৰিবলৈ সক্ষম হৈছে আৰু বাধাহীনভাৱে পূৰ্ণগতিত নির্মাণ কার্য চলাই গৈছে। তেনেদৰেই নেপালেও জলবিদ্যুতকে শক্তিৰ অন্যতম প্রধান উৎসৰূপে চিনাক্ত কৰি কে’বাটাও এনে বৃহৎ প্ৰকল্পৰ কামত হাত দিছে। ইয়াৰ বিপৰীতে ভূটানৰ ৰাজহৰ অন্যতম উৎস হৈছে জলবিদ্যুৎ।

ইতিমধ্যে একাধিক বৃহৎ প্রকল্প স্থাপন কৰি উদ্বৃত্ত বিদ্যুৎ ৰপ্তানি কৰিছে। হিমালয় অঞ্চলত এনে ধৰণৰ বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণ কার্যই যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটাই আহিছে যদিও সেইবোৰলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই। দিনে দিনে বর্ধিত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে চৰকাৰসমূহে অধিক সংখ্যক বৃহৎ জলবিদ্যুৎ প্রকল্প স্থাপনতহে উঠিপৰি লাগিছে।

উত্তৰাখণ্ডই কেৱল নহয়, অৰুণাচল প্ৰদেশতো আৰু কে’বাটাও বৃহৎ জলবিদ্যুৎ প্রকল্পৰ যো-জা চলিছে। লক্ষ্যণীয় যে চীন দেশৰ ভূমিত থকা ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন প্রকল্প স্থাপন কৰাৰ ফলস্বৰূপে ভাৰতত ভয়াৱহভাৱে বিৰূপ প্ৰভাৱ পৰিব বুলি আশংকাৰ সৃষ্টি হৈ আহিছে। লগতে এনেবোৰ কাৰণতে অৰুণাচলৰ পৰা বৈ অহা একাধিক নদীৰ পানী সময়ে সময়ে অপৰিষ্কাৰ হৈ পৰা বুলিও প্রকাশ পাইছে। “পৰিবেশবিদসকলে সততে সকীয়াই দি আহিছে যে জলবিদ্যুৎ উৎপাদনৰ বাবে নদীৰ ওপৰত নিৰ্মাণ কৰা বৃহৎ বান্ধে পানীৰ প্ৰবাহক বাধাগ্রস্ত কৰে, যাৰ ফলত সেই পানীৰ উষ্ণতা আৰু মিশ্ৰণত পৰিৱৰ্তন ঘটে।

তাৰ উপৰি খহনীয়া তথা ৪ ভূমিস্খলনৰ পূৰ্ণ আশংকা থাকে। এনেবোৰ ঘটনা-পৰিঘটনাই নদীত পলসৰ আস্বাদন পেলাই স্থানীয় পৰিবেশ ক্ষতিগ্রস্ত কৰে। এনে বান্ধে মাছ আৰু অন্যান্য জলজ প্ৰজাতিৰ প্ৰজননতো ব্যাঘাত জন্মায় আৰু বন্য সম্পদ ক্ষতিসাধন কৰে। এনে পৰিপ্ৰেক্ষিতত বৃহৎ প্রকল্পৰ পৰিৱৰ্তে ক্ষুদ্র প্রকল্প স্থাপনৰ জৰিয়তে জলবিদ্যুৎ উৎপাদনে পৰিবেশতন্ত্ৰৰ ভয়াৱহ ৫ ক্ষতিসাধন নকৰাকৈ বিকল্প আনি দিব পাৰে বুলি বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াই আহিছে।

এনে নহয় যে ক্ষুদ্র প্রকল্পই পৰিবেশ অথবা স্থানীয় বাসিন্দাসকলৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলায়, সেয়েহে তাৰ পূৰ্বে সমগ্ৰ দিশত বিশদ মূল্যায়নৰ প্রয়োজন। পৰিৱেশতন্ত্রক ধ্বংস কৰি হ’লেও আর্থিক কার্যকলাপক অধিক গুৰুত্ব প্ৰদানৰ আজিৰ এই সময়ত এনেবোৰ কথালৈ গুৰুত্বই বা দিব কোনে!

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
Opinion : মুক্তিৰ পথ বিচাৰি জনতাই কাৰ মুখলৈ চাব?
Opinion

Opinion : মুক্তিৰ পথ বিচাৰি জনতাই কাৰ মুখলৈ চাব?

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d