কৰ’নাই বিশ্বজুৰি সৃষ্টি কৰা মাত্ৰাধিক জটিল পৰিস্থিতিৰ এদিন শাম কাটিব ।পুনৰ বিৰাজ কৰিব স্বাভাৱিক পৰিবেশ,কিন্তু তাৰ পূৰ্বে এই ভাইৰাছে সমাজত যি ভয়াৱহ ভংগুৰতাৰ সৃষ্টি কৰিলে তাৰ প্ৰভাৱ সূদুৰপ্ৰসাৰী হ’ব ।সেয়েহে বৰ্তমানতকৈ অধিক জটিল পৰিস্থিতিৰ সন্মুখীন নহ’বলৈকে প্ৰতিজন লোকক মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ আহ্বান জনাইছে মনোৰোগ বিশেষজ্ঞই। উল্লেখ্য যে কৰ’নাই সমগ্ৰ বিশ্বৰ স্বাভাৱিক গতিত স্থবিৰতা আনিছে ৷সমাজৰ প্ৰতিজন লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।
সামাজিক অৰ্থনৈতিক প্ৰতিটো ক্ষেত্ৰতে সৃষ্টি হৈছে অভাৱনীয় প্ৰতিবন্ধকতা ৷এনে জটিল পৰিস্থিতিৰ কেতিয়া শাম কাটিব কোনেও নাজানে। সেয়েহে কৰ’নাৰ বিষাণুৰ ভয়াৱহতাৰ সমান্তৰালভাৱে ইয়াৰ পাৰ্শ্বক্ৰিয়া ভয়াৱহতাও বাঢ়িছে ৷এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ড° বৰ্ণালী দাসে কয় যে তলাবন্ধৰ সময়তো ইমান জটিল পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল যিবোৰ এতিয়া হৈছে।
কাৰণ পাৰ্শ্বক্ৰিয়াবোৰ এই সময়ত অধিক প্ৰকট হৈছে ৷তেওঁ কয় “সমস্যাবোৰ কৰ’নাৰ আৰম্ভণিৰ স্তৰতো আছিল ।এতিয়া সেইবোৰৰ মাত্ৰা চৰিছে ৷মানুহৰ আৰ্থিক ক্ষতি হৈছে। শিক্ষা দীক্ষাত জটিলতা বাঢ়িছে। প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ হাতত ধন নোহোৱা হৈছে। হাতত থকা পুঁজিও উদং হৈ ৷এইবোৰে ইমানেই মানুহক দহিছে যে সমাজৰ প্ৰতিজন লোক কম বেছি পৰিমাণে মানসিক অশান্তিত ভূগিছে।
কাৰণ প্ৰত্যেক মানুহৰ জীৱন চক্ৰৰ স্বাভাৱিকতাত যতি পৰিছে। শিশুসকল খিংখিঙীয়া হৈ পৰিছে ৷কিশোৰ কিশোৰীসকল অবাধ্য হৈ পৰাৰ উপক্ৰম হৈছে। যুৱক যুৱতীসকল দিগভ্ৰান্ত হৈ পৰিছে ।
মাজবয়সীয়া লোকসকল ভৱিষ্যতক লৈ আতংকত ভূগিছে ।বয়স্কসকলো বিভিন্ন নিৰাপত্তাহীনতাত ভূগিছে ৷কিছুমানে আত্মহত্যাৰ পথ বাচি লৈছে ৷চৰকাৰী বেচৰকাৰী সকলো চিকিৎসা কেন্দ্ৰৰ বহিৰ্বিভাগত মানসিক ৰোগীৰ সংখ্যা বাঢ়িছে ৷”এইদৰে মন্ত ব্য কৰি ড° দাসে উদ্বেগেৰে সদৰী কৰে যে মানসিক অস্থিৰতাত ভূগি অসমত কেৱল ১৬-৩৫ বছৰৰ ভিতৰৰে কে’বাজনো লোকে আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে ৷
ড° দাসে কয় “পৰিয়ালৰ সম্পৰ্কই মাসিক শক্তি দিয়ে ৷এই সময়ছোৱাতআত্মীয়,বন্ধু বান্ধৱৰ লগতো সময় কটোৱা দৰকাৰ। প্ৰত্যেক মানুহে সামাজিক সম্পৰ্ক বৰ্তাই ৰাখিব লাগিব ।
শিশু কিশোৰসকলক অধিক শাসনৰ মাজত ৰখাতকৈ তেওঁলোকেনো কি বিচাৰে সেয়াও অভিভাৱকে মন দি শুনিব লাগে ৷তেওঁলোকে অদ্ভুত কি এটা বিচাৰিলে সেয়ানো কিয় দিব নোৱাৰি সেই কথা মৰমেৰে বুজাই দিব লাগে ।সৰ্বোপৰি প্ৰত্যেকে এই উপলব্ধি কৰা উচিত যে আমাৰ আবেগত খেলামেলি কৰা এই বেয়া দিনৰ এদিন উপশম হ’বই ৷এয়া সময়ৰ আহ্বান।