Assam State Film Awards : বঁটা বিতৰ্কক লৈ অৱশেষত ক্ষমা খুজিলে জুৰী ব’ৰ্ডে

13da64bd 89fb 4c79 be35 834b049fb96d 1

Assam State Film Awards :

বঁটা বিতৰ্কক লৈ অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা খুজিলে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী ব’ৰ্ডে। অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে জুৰী বৰ্ডে।

জুৰী ব’ৰ্ডৰ হৈ সদস্য তথা পৰিচালক চন্দ্ৰ মুদৈয়ে কয়, “ভুলটো হ’ব নালাগিছিল। অনিচ্ছাকৃত, অনাকাংক্ষিত ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্রার্থনা। এই বঁটাটো নাহিদ আফ্রিনেই পাব লাগিছিল। কিন্ত অনাকাংক্ষিতভাৱে গানৰ নামটো লিখোতে ভুল হৈ গ’ল।”

উল্লেখযোগ্য যে ‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা-ভাকু’ শীৰ্ষক গীতটোৰ বাবে নাহিদ আফ্রিনক প্ৰদান কৰা হৈছিল শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা।

কিন্তু ‘নীলাতে লুকা-ভাকু’ গীতটোত কণ্ঠদান কৰা নাছিল নাহিদে। এই গীতটোত কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱীয়ে। নাহিদে ছবিখনৰ আন এটা গীততহে কণ্ঠদান কৰিছিল।

পৰৱৰ্তী সময়ত কণ্ঠদান নকৰা গীত এটাৰ বাবে নাহিদক কিয় এই বঁটা প্ৰদান কৰা হ’ল তাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ।

অৱশ্যে এই বিতৰ্কৰ পাছতে কণ্ঠশিল্পী নাহিদ আফ্রিনেও ছচিয়েল মিডিয়াযোগে দিছিল স্পষ্টীকৰণ। আজি নাহিদ বিৰ্তক সম্পৰ্কত জুৰি বৰ্ডেই স্পষ্টীকৰণ দাঙি ধৰাৰ পাছত ৰাজ্যবাসীৰ প্ৰতিক্ৰিয়া কি হয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version