Minister Bimal Bora : নাহিদৰ বঁটা বিতৰ্কক লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া

প্ৰযোজক-পৰিচালকে নাম দিয়াৰ বাবে জুৰি সকলে নিৰ্বাচন কৰিব লগা হ'ল নাহিদক

272686b8 52c2 4f07 96d9 1531f128b2f7

Minister Bimal Bora :

অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতর্ক অব্যাহত থকাৰ মাজতে আজি সাংস্কৃতিক মন্ত্রী বিমল বৰাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।

ADVERTISEMENT

মন্ত্ৰী গৰাকীয়ে কয়-বঁটা নাহিদক দিয়া হৈছে প্ৰযোজক- পৰিচালকে দিয়া নামৰ ভিত্তিত।‘নীলাতে লুকা-ভাকু’ গানটোৰ নামটো দিওঁতেহে ভুল হৈছে। জুৰীৰ সদস্যৰ গাত একো দোষ নাই।

‘বঁটাসমূহ বিতৰণ কৰিবলৈ চলচ্চিত্ৰৰ স’তে জড়িত লোক সকলক লগত লৈ পেনেল প্ৰস্তুত কৰা হয়। নেপথ্য কন্ঠ শিল্পীৰ শিতানত নাহিদ আফ্ৰিনৰ নামে মনোনয়ন কৰা হৈছিল।

বঁটাতো নাহিদ আফ্ৰিনৰ বাবেই হয় কিন্তু গীতটি বেলেগ আছিল। নাহিদ আফ্ৰিনে বঁটা ঘুৰাই দিয়াৰ প্ৰয়োজন নাই।গীতৰ বাবে নহয় গায়িকাৰ বাবেহে প্ৰদান কৰা হৈছে বঁটা’। এই বিতৰ্কৰ অৱসান হ’ব লাগে বুলি মন্তব্য কৰে সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version