New Appointment :
ৰাজ্যত শীৰ্ঘেই পুনৰ ওলাব চাকৰি। ৪০ হেজাৰ পদত নিযুক্তি দিয়া হ’ব বুলি বিধানসভাত ঘোষণা কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে।
ADVERTISEMENT
অসম বিধান সভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা সদনত মন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে ,ৰাজ্যত ইতিমধ্যেই নিযুক্তি দিয়া হয় এতিয়ালৈকে প্ৰায় ৪১ হেজাৰৰো অধিক পদত ৷
আনহাতে চৰকাৰৰ একলাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পালনৰ লক্ষ্যৰে পুনৰ আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। অহা ১০ ৰ পৰা ২০ মেৰ ভিতৰত ৪০ হেজাৰ পদত পুনৰ নিযুক্তি প্ৰদান কৰা হ’ব।
মনকৰিবলগীয়া যে, সদনৰ ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সোধা এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী গৰাকীয়ে উল্লিখিত মন্তব্য কৰে ৷
একেদৰে নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছতো পৰ্যায়ক্ৰমে নিয়োগৰ ব্যৱস্থা নিৰন্তৰভাৱে কৰা হ’ব বুলিও কয় মন্ত্ৰী নেওগে ৷