Trans Tea Stall : ট্ৰেন্সজেণ্ডাৰৰ দ্বাৰা পৰিচালিত ভাৰতৰ প্ৰথম খন ‘ টি – ষ্টল ‘ কিন্তু ক’ত ?

1678801631 tea 3

Trans Tea Stall :

ট্ৰেন্সজেণ্ডাৰৰ দ্বাৰা পৰিচালিত চাহৰ দোকান আৰম্ভ হৈছে গুৱাহাটী ৰে’ল ষ্টেচনত। ভাৰতীয় ৰেলৰ সৌজন্যেত। উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ উদ্যোগত এনে এক যুগান্তকাৰী ঘটনাৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশ । নিজৰ অধিকাৰক লৈ ক্ৰমাগত যুঁজ দি থকা ট্ৰেন্সজেণ্ডাৰে কাম বিচাৰিলেই বিভিন্ন ধৰণে অপমানিত হয়।

এই নিৰ্দিষ্ট গোটটোৰ বাবে চৰকাৰৰ পৰা কোনো লিখিত সংৰক্ষণ নাই। দেশৰ বিভিন্ন প্ৰান্তত থকা ট্ৰেন্সজেণ্ডাৰসকলৰ জীৱনৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে। আনন্দে কয়, “অন্যান্য উন্নয়নমূলক কামৰ ভিতৰত এইটো মোৰ কেৱল এটা সৰু পদক্ষেপ, । “

কেৱল আনন্দই নহয়, নেটিজেনসকলেও ইতিহাস সৃষ্টি কৰা এই পদক্ষেপৰ প্ৰশংসা কৰিছে। এই ‘টি-ষ্টল’ৰ ছবি ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে মন্তব্যকাৰীসকলে তেওঁলোকৰ মতামত প্ৰকাশ কৰে।

Exit mobile version