Assam Police Reshuffle At Top Level:অসম আৰক্ষীক ব্যাপক ৰদ-বদল

শীৰ্ষ পৰ্যায়ত কৰা হৈছে সাল-সলনি

WhatsApp Image 2023 03 16 at 18.43.55

Assam Police Reshuffle At Top Level:

অসম আৰক্ষীক ব্যাপক ৰদ-বদল। শীৰ্ষ পৰ্যায়ত কৰা হৈছে সাল-সলনি । কে’বাজনো আৰক্ষী অধীক্ষকক সলনি কৰা আন আন জিলালৈ ৷

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে আজি জাৰি কৰিছে এই ৰদ-বদলৰ নিৰ্দেশনা ৷ ৰদ-বদলৰ নিৰ্দেশ অনুসৰি গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰক বদলি কৰে তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হয় পুস্কিন জৈনক।

পুস্কিন জৈন ইয়াৰ পূৰ্বে আছিল শদিয়াৰ আৰক্ষী অধীক্ষক আছিল । আনহাতে অপৰাধ অনুসন্ধান শাখাৰ( চি আই ডি) ৩ নং মণ্ডলৰ আৰক্ষী অধীক্ষক জয়শ্রী খেৰছাক বদলি কৰা হয় প্ৰথম এ পি টি এফ বেটেলিয়ন ককমাণ্ডেণ্ট হিচাপে ৷

একেদৰে চি আই ডিৰ এছ পি শান্তনু শৰ্মা পাঠকক বদলি কৰা হয় কাৰ্বি আংলংস্থ ২৩ নং এ পি আই আৰ বেটেলিয়নৰ কমাণ্ডেণ্ট ৰূপে ৷

পূৰ্বে কমাণ্ডেণ্ট ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ইমদাদ আলীক বদলি কৰি নিযুক্তি দিয়া হয় গুৱাহাটীৰ ডি চি পি হিচাপে । এই পদত কৰ্মৰত হৈ থকা ডিচিপি শুভাশিষ বৰুৱাক বদলি কৰা হয় অসম আৰক্ষীৰ গুৱাহাটীস্থ হেডকোৱাৰ্টাৰৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ৰূপে ৷

ইফালে গোৱালপাৰাৰ প্ৰথম এ পি টি এফ বেটেলিয়নৰ কমাণ্ডেণ্ট ৰূপে নিয়োজিত হৈ থকা মৃণাল ডেকাক বদলি কৰা হয় শদিয়াৰ আৰক্ষী অধীক্ষক হিচাপে ৷

কামৰূপ গ্ৰাম্য জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদক বদলি কৰি স্থলাভিষিক্ত কৰা হয় গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ অতিৰিক্ত ডিচিপি ৰূপে ৷

একেদৰে গুৱাহাটীৰ অতিৰিক্ত এ ডি চি পি কল্যাণ কুমাৰ পাঠকক বদলি কৰি নিযুক্তি দিয়া হয় কামৰূপ গ্ৰাম্য জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে ।

উল্লেখ্য যে , আৰক্ষী প্ৰশাসনৰ ব্যাপক ৰদ-বদলত গুৱাহাটীৰ মধ্য মণ্ডলৰ এডি চি পি হিচাপে কৰ্মৰত হৈ থকা নন্দিনী কাকতিকো কৰা হয় বদলি ।

Exit mobile version