Russia -Ukraine War : যুদ্ধৰ বিৰোধিতা কৰিলেই কঠোৰ শাস্তি দিয়া হ’ব’, প্ৰশাসনিক বৈঠকত পুতিনৰ বাৰ্তা

images 3 1

Russia -Ukraine War :

ইউক্ৰেইনৰ বিৰুদ্ধে (Russia-Ukraine War) আক্ৰমণৰ পাছৰে পৰা নিজৰ দেশত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

এইবাৰ দেশৰ ভিতৰতে বিৰোধীসকল দমনৰ বাৰ্তা । তেওঁ স্পষ্ট কৰি জনাইছে যে যিসকলে ৰাছিয়াৰ সমাজত অস্থিৰতা সৃষ্টি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত।

যুদ্ধ আৰম্ভ হোৱাৰ পাছত ৰাছিয়াৰ সেনা প্ৰথমতে সফল হয়, কিন্তু পাছত ৰাছিয়াৰ সেনাই পিছুৱাই যাবলৈ বাধ্য হয়।

সাধাৰণ মানুহৰ মাজত যুদ্ধৰ সিদ্ধান্তক লৈ যথেষ্ট অসন্তুষ্টি দেখা পোৱা গৈছিল । দেশৰ ভিতৰতে তীব্ৰ বিক্ষোভৰ সম্মুখীন হয় পুটিন প্ৰশাসন।

ৰাষ্ট্ৰপতিৰ বিৰোধী শিবিৰেও ইউক্ৰেইন আক্ৰমণৰ প্ৰতিবাদ কৰিছে। যাৰ বাবে কে’বাটাও ধৰ্মীয় আৰু সমাজকৰ্মী সংগঠনকো নিষিদ্ধ কৰা হৈছে।

যোৱা কিছুদিন ধৰি , ইউক্ৰেইনত আক্ৰমণৰ তীব্ৰতা বৃদ্ধি কৰা শুনা গৈছে পুতিনৰ মুখত । আন্তৰ্জাতিক বিশেষজ্ঞসকলৰ মতে, ইউক্ৰেইনৰ যুদ্ধৰ ফলত ৰাছিয়াৰ অৰ্থনীতি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

যুদ্ধৰ ব্যয়ৰ উপৰিও, ৰাছিয়াৰ ওপৰত কেবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফলস্বৰূপে, বাণিজ্য প্ৰায় বন্ধ হৈ গৈছে। সৰ্বোপৰি, দেশ-বিদেশত যথেষ্ট চাপত বৃদ্ধি পাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ।

ইয়াৰ মাজতে প্ৰশাসনিক বিষয়াসকলৰ এখন বৈঠকত পুটিনে স্পষ্ট কৰি দিছিল যে যুদ্ধৰ বিৰোধিতা কৰাৰ নামত দেশখনত অৰাজকতা চলি আছে।

বৈঠকত পুটিনে কয়, “যিসকলে দেশৰ সমাজ আৰু ৰাজনৈতিক পৰিৱেশ ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত।” মৌলবাদীসকলৰ বিৰুদ্ধে দেশৰ প্ৰশাসন অধিক কঠোৰ হ’ব লাগিব।

Exit mobile version