Lakhimpur Question Paper Leak :লখিমপুৰত পৰীক্ষা কাকত ফাদিল কাণ্ডত জৰিত দুজন আৰক্ষীৰ জালত

WhatsApp Image 2023 03 17 at 13.41.00

Lakhimpur Question Paper Leak :
চলিত মেট্রিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাত ৰাজ্য জুৰি চলি থকা আৰক্ষীৰ অভিযানত লখিমপুৰত পুনৰ আৰক্ষীৰ জালত পৰিল দুজন।

 আৰক্ষীয়ে জিলা খনৰ বিভিন্ন স্থানৰ পৰা আজি তিনি জনক আটক কৰে যদিও পাছত এজনক যাবলৈ দিয়ে । আটক কৰা দুজন হল ডফলা কটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা আৰু লুইত খাবলু হাইস্কুলৰ শিক্ষক তথা পৰীক্ষা কেন্দ্রৰ তত্বাবধায়ক প্ৰণৱ দত্ত।

তেও লোক দুজনক সম্প্ৰতি আৰক্ষীয়ে সোধপোচ কৰি আছে।  উল্লেখ্য ইয়াৰ পূৰ্বে জিলা খনত আৰক্ষীয়ে পাচ জনক আটক কৰি সোধপোচৰ অন্তত চি আই ডি ক হস্তান্তৰ কৰে। এই লৈ জিলা খনত এই ঘটনা সংক্রান্তত সাতজনক আটক কৰা হৈছে।

Exit mobile version