Lat Mandal Arrested In Hajo:পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে !

হাজোত উৎকোচ লৈ হাত দাঙিলে হাজোৰ লাট মণ্ডল টংকেশ্বৰ নাথে

WhatsApp Image 2023 03 17 at 15.33.28

Lat Mandal Arrested In Hajo:

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই একাংশ ঘোচখোৰ বিষয়া – কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে আজি হাজোত পুনৰ এজন চৰকাৰী কৰ্মচাৰী ঘোচ লওঁতেই জালত পৰে চি এম ভিজিলেঞ্চৰ

চি এম ভিজিলেঞ্চৰ জালত পৰা কৰ্মচাৰী জন হ’ল হাজো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল টংকেশ্বৰ নাথ ৷

প্ৰাপ্ত খবৰ অনুসৰি হাজোৰ জাপিয়া গাঁৱৰ নাজিম আলী নামৰ এজন লোক জনৰ পৰা চাৰি হাজাৰ টকা উৎকোচ লওঁতেই পূবৰে পৰা খাপ পিটি থকা চি এম ভিজিলেঞ্চৰ বিষয়াই হাতে লোটে আটক কৰে ঘোচখোৰ মণ্ডল গৰাকীক ৷ ধৃত টংকেশ্বৰ নাথ জাপিয়া লাটৰ মণ্ডল আছিল ৷

উত্থাপিত অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি টংকেশ্বৰ নাথে মাটিৰ নামজাৰি,নামকৰ্তন আদি বিভিন্ন কামৰ বিনিময়ত ধন সংগ্ৰহ কৰি আহিছিল হাজো চক্ৰ বিষয়া কাৰ্যালয়ত ৷

ইতিমধ্যে ধৃত টংকেশ্বৰ নাথক অধিক জেৰাৰ বাবে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ লৈ যায় ৷

Exit mobile version