Student Protest In Janata Bhawan:হাইস্কুল শিক্ষান্ত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাত শিক্ষা বিভাগ ব্যৰ্থতাৰ প্ৰতিবাদত

জনতা ভৱনৰ সন্মুখত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

WhatsApp Image 2023 03 17 at 14.27.36

Student Protest In Janata Bhawan :

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ জনতা ভৱনৰ প্ৰৱেশদ্বাৰত মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ একাংশ  ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিক্ষোভকাৰী শিক্ষাৰ্থী সকলৰ অভিযোগ পৰীক্ষাৰ বাবে সাজু হোৱা মেধাৱী শিক্ষাৰ্থী সকলক লৈ ছেবা আৰু শিক্ষা বিভাগে হেতালি খেলা কাৰ্য কেতিয়াও গ্ৰহণ যোগ্য হ’ব নোৱাৰে ৷

শিক্ষাৰ্থীৰ ভৱিষ্যত ধংস কৰাৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী ছাত্ৰ সকলে ৷ আনহাতে জনতা ভৱনৰ সন্মুখত বহু সময় ধৰি চৰকাৰ বিৰোধী শ্ল’গান দি থকাৰ সময়তে দিছপুৰ আৰক্ষী উপস্থিত হৈ প্ৰতিবাদী শিক্ষাৰ্থী সকলক উভতাই পঠিয়াবলৈ চেষ্টা কৰে ৷

কিন্ত প্ৰতিবাদী শিক্ষাৰ্থী সকলে অলৰঅচৰ হোৱাত আৰক্ষী নিৰুপায় হয় ৷ ইয়াৰ মাজত ক্ষুব্ধ শিক্ষাৰ্থী সকলৰ অভিযোগ আৰক্ষীয়ে তেওঁলোকৰ প্ৰহাৰ কৰে ৷

Exit mobile version