Bengaluru – Mysuru Expressway : ছ’দিন পূৰ্বে উদ্ধোধন কৰিছিল মোদীয়ে, এক ৰাতিৰ বৰষুণত ডুবিল আঠ হেজাৰ কোটিৰ সেই ৰাস্তা

1679116900 bangalore

Bengaluru – Mysuru Expressway :

মাত্ৰ ছয় দিন পূৰ্বেই এটা চকচকিয়া নতুন এক্সপ্ৰেছৱে উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে , বৰষুণত উপঙি পৰে এতিয়া সেই পথ। শুকুৰবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বেংগালুৰু সমীপত ৰামনগৰা অঞ্চল ডুব যায় ।

আঠ হেজাৰ ৪৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই ঘাইপথ । চলিত বৰ্ষতে অনুষ্ঠিত হ’ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন । ইয়াৰ পূৰ্বেই ১২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে এক্সপ্ৰেছৱে ।

যিটোৱে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বেলেগ গুৰুত্ব লাভ কৰিছে। উদ্বোধনৰ ছয় দিনৰ ভিতৰত, বৰষুণৰ ফলত ৰাস্তাত পানী জমা হোৱাৰ ফটো প্ৰকাশ্যেত আহিছে ।

১১৮ কিলোমিটাৰ দীঘল এক্সপ্ৰেছৱেই ফলত যাত্ৰী পৰিবহন সূচল কৰি তুলিব। ভ্ৰমণৰ সময়ও হ্ৰাস কৰা হ’ব বুলি জনাইছিল ।

পানী জমা হোৱাৰ বাবে, সেই ৰাস্তাত লাহেকৈ চলিছে বাহন । ফলত যান-জঁটৰ সমস্যাত ভুগিছে যাত্ৰীসকল । পানী জমা হোৱা ঠাইখনৰ ওপৰত এখন দলং আছে। অতীততো দলঙৰ তলত হোৱা বৰষুণত পানী জমা হৈছিল।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথটো উদ্বোধন কৰি কংগ্ৰেছক লক্ষ্য কৰি লৈছিল প্ৰধামন্ত্ৰীয়ে। তেওঁ যি পথ উদ্ধোধন কৰিলে , বৰষুণৰ ফলত সেই পথৰ এনে দুৰৱস্থা দেখি এতিয়া বিভিন্ন মহলৰ প্ৰশ্ন উত্থাপন হৈছে ।

Exit mobile version