Daily Covid Bulletin : দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ ! জাৰি কৰা হৈছে নিষেধাজ্ঞা

1673941798 covid 19 test

Bengaluru: A medic collects a sample for the COVID-19 test at a public health centre, in Bengaluru, Tuesday, Jan. 3, 2023, after the Bruhat Bengaluru Mahanagara Palike (BBMP) increases tests in all government health centres. (PTI Photo/Shailendra Bhojak)(PTI01_03_2023_000135A)

Daily Covid Bulletin :

দেশত উদ্বেগজনক ভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰ’না ৰোগীৰ সংখ্যা । চাৰি মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে, কৰ’নাৰ দৈনিক সংক্ৰমণ ৮০০ অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বিগত ২৪ ঘণ্টাত দেশত মুঠ ৮৪১ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। যিটো যোৱা মাহৰ আগৰ হিচাপ অনুসৰি প্ৰায় ছগুণ

৮৪১ টা নতুন ক’ভিড আক্ৰান্ত ৰোগীৰ খবৰ পোৱাৰ পাছত দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ৫,৩৮৯ লৈ বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাত দুজন লোকৰ মৃত্যু হৈছে। কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গুজৰাটত আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে অধিক সংখ্যক আছে।

শনিবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশখনত এতিয়ালৈকে মুঠ ৪,৪৬,৯৪,৩৪৯ জন লোক কৰ’নাত সংক্ৰমিত হৈছে।

বৰ্তমান, দেশত কৰ’না ৰোগীৰ সংখ্যা হৈছে মুঠ সংক্ৰমণৰ ০.০১ শতাংশ। সুস্থতাৰ হাৰ ৯৮.৮০ শতাংশ। এতিয়ালৈকে, ৪,৪১,৫৮,১৬১ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে।

কেন্দ্ৰই ইতিমধ্যে ছখন ৰাজ্যলৈ দেশৰ ক’ভিড-১৯ পৰিস্থিতিৰ বুজ ল’বলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই ছখন ৰাজ্যত কৰ’না সংক্ৰমণ উল্লেযোগ্যভাবে বেছি হোৱাৰ বাবে কেন্দ্ৰই পত্ৰখন প্ৰেৰণ কৰিছে। ৰাজ্যসমূহ হৈছে মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটক।

কেন্দ্ৰীয় স্বাস্থ্য সচিবে প্ৰেৰণ কৰা পত্ৰখনত ৰাজ্যসমূহৰ প্ৰশাসনক ক’ভিড-১৯ৰ পৰীক্ষা, চিকিৎসা আৰু টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে ইয়াক সঠিক নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। ক’ভিডৰ বিস্তাৰ ৰোধ কৰিবলৈ জিলা, উপ-জিলা আৰু পঞ্চায়তৰ স্তৰত কৰ’না পৰীক্ষা বৃদ্ধি কৰা বুলিও কোৱা হৈছে।

Exit mobile version