Drugs Peddler Arrested In Goshaigaon:গোসাইগাঁৱৰ গ্ৰাহামপুৰত আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

WhatsApp Image 2023 03 18 at 16.50.41

Drugs Peddler Arrested In Goshaigaon:

কোকোৰাঝাৰ জিলাৰ গোসাইগাঁও আৰক্ষীৰ এক অভিযানত জালত পৰে দুই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী

প্ৰাপ্ত খবৰ মতে, গ্রাহামপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ডিংডিঙাৰ মছপুৰৰ পৰা নিগানেন্দ্ৰ ৰায় আৰু ৱাইদুৰ ইছলাম নামৰ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।

আটকাধীন নিগানেন্দ্ৰ ৰায় তামাৰহাট থানাৰ অন্তৰ্গত নাটাবাৰীত আৰু ৱাইদুৰ ইছলামৰ ঘৰ তামাৰহাটৰে মধ্যপেটলা গাঁৱত।
আৰক্ষীৰ অভিযানত ধৃত ড্ৰাগছ পেডেলাৰ দুটাৰ পৰা দুটা ড্ৰাগছভর্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে এএছ১৭ কে-৯৬৫৯ নম্বৰৰ পালচাৰ মটৰ চাইকেল এখনো জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে আৰক্ষীয়ে ধৃত ড্ৰাগছ পেডলাৰ দুটাক অধিক তথ্যৰ বাবে জেৰা কৰিছে ৷

Exit mobile version