Fake Question Paper leak :ভূগোলৰ ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰা ছাত্ৰক নগাঁৱত আটক

২২৫ জনীয়া হোৱাটচআপ গ্রুপৰ জৰিয়তে কৰিছিল ভাইৰেল

WhatsApp Image 2023 03 18 at 19.12.09

Fake Question Paper leak :

মেট্ৰিক পৰীক্ষাৰ ভূগোলৰ ভুৱা প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষী জালত পৰিল ছাত্ৰ। নগাঁও আৰক্ষীয়ে আটক কৰিছে ভুৱা প্ৰশ্নকাকত ফাদিল কৰা মাচুম আলী নামৰ শিক্ষাৰ্থীজনক।

আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ননৈ পোটনি গাঁৱৰ পৰা আটক কৰে চলিতবৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থী মাচুম আলীক।

উল্লেখ্য যে,২২৫জনীয়া হোৱাটচআপ গ্রুপ খুলি আটকাধীন মাচুমে ভাইৰেল কৰিছিল ভূগোলৰ ভুৱা প্ৰশ্নকাকত।

আৰক্ষীৰ জেৰাত মাচুমে স্বীকাৰ কৰা মতে তেওঁ মৰিগাৱঁৰ দলংঘাটৰ দুই গৰাকী ছাত্রীকো ভূগোলৰ ভুৱা প্রশ্নকাকত দিছিল ।

ইতিমধ্যে নগাঁও সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে মাচুম আলীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ।

আনহাতে নগাঁও আৰক্ষীয়ে ভূগোলৰ ভুৱা প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত তদন্ত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে বুলি সংবাদ মাধ্যমক সদৰি কৰে আৰক্ষী অধীক্ষক লীনা দলৈয়ে ৷

Exit mobile version