Morigaon Police Arrested Cybercrime Mastermind:মৰিগাঁও আৰক্ষীৰ অভিয়ানত আটক দুই চাইবাৰ অপৰাধী

WhatsApp Image 2023 03 18 at 17.06.20

Morigaon Police Arrested Cybercrime Mastermind:

এক বিশেষ এপৰ জৰিয়তে অনলাইন যোগে ভুৱা ঋণ সৰকাই থকা দুই চাইবাৰ অপৰাধীক মৰিগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

ধৃত অপৰাধী দুজন হ’ল জিয়াবুৰ ৰহমান আৰু কহিনুৰ আখটাৰা নামৰ এগৰাকী মহিলা ৷

উল্লেখ্য যে , অপৰাধী চক্ৰটোৱে নতুন দিল্লীৰ সুধিৰ কুমাৰ নামৰ এজন ব্যক্তিৰ পৰা চাইবাৰ অপৰাধৰ জৰিয়তে লুট কৰিছিল প্ৰায় ২৬ লাখ টকা ৷

মৰিগাঁৱ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক( অপৰাধ শাখা) সমীৰণ বৈশ্যৰ নেতৃত্বত
এটা আৰক্ষী দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই চাইবাৰ অপৰাধী দুজনক গ্ৰেপ্তাৰ কৰে ৷

স্মতৰ্ৱ্য যে, চাইবাৰ অপৰাধী চক্ৰটোৱে বহি:ৰাষ্ট্ৰৰ বিভিন্ন ব্যক্তিক অটিপি বিক্ৰী কৰাৰ কথা জেৰাত স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷

Exit mobile version