South Korea : বিবাহত অনীহা , জন্মৰ হাৰ যথেষ্ট হ্ৰাস পালে দক্ষিণ কোৰিয়াত

images 2 2

South Korea :

বিবাহৰ প্ৰতি আগ্রহ হ্রাস পাইছে দক্ষিণ কোৰিয়াত। ফলত দেশখনত সম্প্রতি যথেষ্ট হ্রাস পাইছে জন্মৰ হাৰ। ইয়াকে লৈ উদ্বেগ প্রকাশ কৰিলে বিশেষজ্ঞই।

জন্মৰ হাৰ দিনক দিনে অৱনমিত হোৱাৰ ফলত দক্ষিণ কোৰিয়া বাৰ্ধক্যৰ দিশলৈ অগ্ৰসৰ হৈছে। অর্থাৎ দেশখনত তৰুণ প্ৰজন্মৰ সংখ্যা হ্ৰাসৰ বিপৰীতে প্রবীণ নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে।

পৰিসংখ্যা অনুসৰি যোৱা বছৰত দক্ষিণ কোৰিয়াত এক লাখ ৯২ হেজাৰ্জন লোকে বিয়া কৰাইছিল। ১০ বছৰ পূর্বে ২০১২ বৰ্ষত দেশখনত সম্পন্ন হোৱা বিবাহৰ সংখ্যা আছিল তিনি লাখ ২৭ হেজাৰ। অৰ্থাৎ এক দশকত দেশসমূহত বিবাহৰ সংখ্যা ৪০ শতাংশ হ্রাস পালে।

বিবাহৰ প্ৰতি দক্ষিণ কোৰিয়াত জনসাধাৰণৰ আকৰ্ষণ হ্ৰাসৰ ফলত সম্প্রতি দেশখনত পুৰুষৰ বিবাহৰ গড় বয়স ৩৩.৭ বছৰ আৰু যুৱতীৰ বিবাহৰ গড় বয়স ৩১.৩ বছৰ হৈছে।

জন্মৰ হাৰ অস্বাভাৱিকভাৱে হ্রাস পোৱাত ২০২২ বৰ্ষত দেশখনত জন্ম লাভ কৰা শিশুৰ সংখ্যা দুই লাখ ৪৯ হেজাৰলৈ অৱনমিত হৈছিল।

Exit mobile version