Nagaon : এতিয়াও হেৰাই যোৱা নাই সততা

নগাঁৱত ই-ৰিক্সা চালকে যাত্ৰীক ঘূৰাই দিলে তিনি লক্ষাধিক টকাভৰ্ত্তি বেগ

IMG 20230319 172528

Nagaon :

ধন সৰ্বস্ব এই সমাজ খনত টকাৰ বাবেই ইটোৰ পাছত সিটোকৈ অপৰাধ সংঘটিত হৈ আহিছে। কিন্তু ইয়াৰ মাজতো সমাজৰ একাংশ লোকৰ পৰা এতিয়াও যেন হেৰাই যোৱা নাই সততা।

শেহতীয়াকৈ নগাঁৱৰ এগৰাকী ই-ৰিক্সা চালকে দাঙি ধৰিলে সততাৰ অন্য এক নিদৰ্শন । এজন যাত্ৰীয়ে ই-ৰিক্সাতে পাহৰি এৰি থৈ যোৱা অতি গুৰুত্বপূৰ্ণ নথি সহ টকাভৰ্ত্তি এটা বেগ ঘূৰাই দি সততাৰ অনন্য নিদৰ্শন ডাঙি ধৰিছে সুশান্ত শ্বাহ নামৰ এজন যুৱকে ।

এই গৰাকী ই-ৰিক্সা চালকে ই-ৰিক্সাখনৰ গৰাকী ডিমৰুগুৰিৰ জান শইকীয়াৰ সহযোগত আব্দুল নুৰ নামৰ যাত্ৰী গৰাকীক ঘূৰাই দিয়ে তিনি লক্ষাধিক টকাভৰ্ত্তি এটা বেগ ।

বেগটোত তিনি লাখ ছয় হেজাৰ টকাৰ উপৰিও আছিল লোকজনৰ পানকাৰ্ড,আধাৰ কাৰ্ড, বেংক পাছবুক আৰু বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ।

Exit mobile version