solar cooking stove : দেশবাসীলৈ ভাল খবৰ ! বজাৰত মুকলি হৈছে সৌৰশক্তি চালিত ষ্টোভ

solar chulha 400x400 1

solar cooking stove :

ৰন্ধন গেছৰ দামৰ ক্ৰমাগত বৃদ্ধিয়ে জুৰুলা কৰা গ্ৰাহকৰ বাবে সুখবৰ। এতিয়া আপুনি ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰিব পাৰিব এনে এক বিশেষ ধৰণৰ ষ্টোভ বা চৌকা, যিটো চলাবলৈ কোনো এলপিজি চিলিণ্ডাৰ বা বিদ্যুতৰ প্ৰয়োজন নহ’ব।

এই ষ্টোভটো এবাৰ কিনি ল’লে পাছত সকলো ধৰণৰ ৰন্ধা-বঢ়া কাম সূৰ্যৰ পোহৰেৰে কৰিব পাৰিব। ইণ্ডিয়ান অইল কৰ্প’ৰেছনে সাজি উলিওবা এই অনন্য ষ্টোভটো সৌৰশক্তি চালিত।

ষ্টোভটোৰ প্রধান বৈশিষ্ট্য হ’ল— ইয়াক সৌৰশক্তিৰ দ্বাৰা চলালেও ইয়াৰ বাবে ষ্টোভটো ৰ’দৰ সংস্পৰ্শলৈ নিয়াৰ কোনো প্রয়োজন নহয়। এই ষ্টোভটো যিকোনো ঠাইতে ব্যৱহাৰ কৰিব পাৰি।

কোম্পানীটোৱে এই সৌৰ ষ্টোভটোৰ নাম ৰাখিছে ‘সূর্য নুতন’ বুলি।এই পোর্টেবল ষ্টোভটোৰ দুটা অংশ আছে। ইয়াৰে এটা অংশ পাকঘৰত ৰাখিব পাৰি আৰু আনটো অংশ ৰ’দত ৰাখিব পাৰি।

ভাৰতীয় তেল নিগমে দিয়া তথ্য অনুসৰি, ই এটা মডিউলাৰ ব্যৱস্থা, যিটো প্রয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি। আনহাতে, এই ষ্টোভটো।

হাইব্রিড মোডত অৰ্থাৎ বিদ্যুৎ আৰু সৌৰশক্তি দুয়োটাৰেও চলাব পাৰি। ইণ্ডিয়ান অইলে ইতিমধ্যেই বজাৰত মুকলি কৰিছে ‘সূৰ্য নুতন’ৰ কে’বাটাও মডেল।

যদি আপুনি প্রিমিয়াম মডেল ল’ব বিচাৰে তেন্তে একেটা চাৰ্জতে চাৰিজন লোকৰ বাবে এদিনীয়া আহাৰ সহজেই ৰান্ধিব পৰা ষ্টোভটো ল’ব পাৰে।

এই ষ্টোভটোৰ বেচ মডেলৰ মূল্য ১২ হেজাৰ টকা। আনহাতে, প্রিমিয়াম মডেল ২৩ হেজাৰ টকাত উপলব্ধ।

Exit mobile version